২৪ ঘণ্টা পলমকৈ মহাকাশলৈ উৰা মাৰিলে ক্ৰু ড্ৰেগনে

crew 1 certification feature main

বতৰৰ বাধা অতিক্ৰম কৰি কিছু পলমকৈ হ’লেও সফলতাৰে মহাকাশলৈ গতি কৰিছে ‘ক্ৰু ড্ৰেগন কেপচুল’ নামৰ মহাকাশ যানখনে । প্ৰায় ২৪ ঘণ্টা পলমকৈ আজি মহাকাশ যানখনৰ ফ্ল’ৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা মসৃণভাৱে উৎক্ষেপণ কাৰ্য সমাধা কৰা হয় ।

মাৰ্কিন বেচৰকাৰী সংস্থা ‘স্পেচ এক্স’ৰ উদ্যোগত আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা মহাকাশ যানখনৰ যোৱা শনিবাৰে উৎক্ষেপণৰ দিন নিৰ্ধাৰিত কৰা হৈছিল । কিন্তু বতাহৰ অধিক চাপৰ বাবে উৎক্ষেপণ স্থগিত ৰাখিব লগীয়া হয় ।

মহাকাশ যানখনে তিনিখন আমেৰিকান আৰু এজন জাপানী মহাকাশচাৰীক লৈ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীৰ পৰিৱৰ্তন নকৰাকৈয়ে মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰে । ভাৰতীয় সময়মান অনুসৰি কাইলৈ পুৱা ন বজাত মহাকাশ যানখনে মহাকাশ কেন্দ্ৰত উপস্থিত হ’ব ।

মাৰ্কিন মহাকাশ সংস্থা ‘নাছা’ৰ সন্মতি সাপেক্ষে এই যাত্ৰাৰ ব্যৱস্থা কৰা হৈছে । ‘স্পেচ এক্স’ৰ এই অভিযান একমাত্ৰ মহাকাশলৈ গৈ ওভতি অহাটোৱেই নহয় । ইয়াৰ স’তে উন্নতমানৰ মহাকাশযাত্ৰাৰ লগতে বিভিন্ন গৱেষণামূলক কাৰ্যও জড়িত হৈ আছে ।

‘স্পেচ এক্স’ক লৈ সম্প্ৰতি নাছাও যথেষ্ট আশাবাদী । ‘স্পেচ এক্স’ৰ উদ্যমক নাছাৰ মুখ্য প্ৰশাসক জিম ব্ৰিডেনষ্টাইনেও উচ্চ প্ৰশংসা কৰিছে । ব্ৰিডেনষ্টাইনে কয়, ‘মহাকাশ, গৱেষণাৰ জগতত ইয়াৰ দ্বাৰা এক নতুন যুগৰ সূচনা হ’ল ।

নৱ নিৰ্বাচিত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বিডেনেও স্পেচ এক্সৰ উদ্যোগত স্বাগতম জনোৱাৰ লগতে অভিযানৰ সফলতা কামনা কৰি এক টুইট কৰিছে । মহাকাশ যানখনত মাইকেল হপকিন্স, ভিক্টৰ গ্লোভাৰ, শ্বেনন ৱাকাৰসহ চোইচি ন’গুচি মহাকাশ কেন্দ্ৰলৈ গৈছে । ইয়াৰে জাপানৰ ন’গুচি অতিকৈ অভিজ্ঞ মহাকাশচাৰী । ন’গুচিয়ে তৃতীয়বাৰলৈ মহাকাশলৈ যাত্ৰা কৰিছে ।

Exit mobile version