অসমৰ ভূমিত পুনৰ মিজোৰামৰ জেচিবিৰ হাতোঁৰা

1200px Welcome to Mizoram at the Assam Mizoram border panoramio

অসমৰ ভূমি এতিয়া দ্বিগুণ শক্তিত দখল কৰিছে মিজোৰামৰে ৷ অসম মিজোৰাম সীমান্তৰ ধলাই অঞ্চলৰ বিভিন্ন স্থানত বৰ্তমান দখল অব্যাহত ৰাখিছে মিজোৱে ৷ অসমৰ ভূমিৰ প্ৰায় পাঁচ কিলোমিটাৰ দখল কৰাৰ পিছত এতিয়া আকৌ নতুনকৈ প্ৰায় তিনি কিলোমিটাৰ সংৰক্ষিত বনাঞ্চল দখল কৰিছে মিজোৰামে৷ অসমৰ ভূমিৰ ধলাই লায়লাপুৰৰ সংৰক্ষিত বনাঞ্চলত চলিছে এতিয়া মিজোসকলৰ জেচিবি ৷

সংৰক্ষিত বনাঞ্চলৰ মূল্যবান গছগছনি কাটি এতিয়া পথ নিৰ্মাণ কৰিছে মিজোৰামে ৷ আনকি অসমৰ ভূমিত মিজোৰামে এতিয়া ভূমি পট্টা প্ৰদান কৰিছে ৷ কিন্তু, মিজোৰামৰ এই সমস্ত কাণ্ড দেখিও ৰহস্যজনক বাবে সম্পূৰ্ণ মৌনতা অৱলম্বন কৰিছে অসম চৰকাৰে ৷কাৰণে খোদ বনমন্ত্ৰীৰ গৃহ সমষ্টিৰ সংৰক্ষিত বনাঞ্চল এতিয়া মিজোসকলৰ দখলত ৷ কিন্তু নিৰৱ বনমন্ত্ৰী পৰিমল শুক্লবৈদ ৷

অসমৰ ভূমি দখল কৰাৰ লগতে অসমৰ ঘৰবাৰী জ্বলাই দিয়া, দুটাকৈ বিদ্যালয়ত বোমা বিস্ফোৰণ কৰা আৰু এজন অসমীয়াক অপহৰণ লৈ গৈ হত্যা কৰিছিল মিজোসকলে ৷ আৰু ইয়াৰ প্ৰতিবাদত লায়লাপুৰৰ ৰাইজে মিজোৰামৰ বিৰুদ্ধে ১৫ দিন অৰ্থনৈতিক অবৰোধ গঢ়ি তুলিছিল ৷

কিন্তু পিছত দেখা গৈছে অৱৰোধকাৰী সকলৰ ওপৰত প্ৰশাসনে বিভিন্ন ধৰণৰ চাপ সৃষ্টি কৰি এই অৰ্থনৈতিক অৱৰোধ ছত্ৰভঙ্গ কৰিছিল ৷ আৰু কোৱা হৈছিল যে মিজোৰামৰে অসমৰ ভূমিৰ যি তিনি কিলোমিটাৰ স্থান দখল কৰি ৰাখি এইয়া এৰি দিব আৰু মিজো আৰক্ষীক অসমৰ ভূমিৰ পৰা আঁতৰাই লৈ যাব মিজোৰামে ৷ কিন্তু এতিয়া দেখি গৈছে অসমৰ ভূমি এৰাটো দূৰৰ কথা এতিয়া আকৌ নতুনকৈ অসমৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় তিনি কিলোমিটাৰ স্থান দখল কৰি ৰাখিছে মিজোৰামে ৷

আনকি বনাঞ্চলৰ বহু মূল্যবান গছগছনি কাটি পথ নিৰ্মাণ কৰিছে মিজোৰামে৷ অসমৰ ভূমিত মিজোসকলক লাভ কৰিছে ভূমি পাট্টা ৷ আৰু সীমান্ত অঞ্চলত মিজো সকলৰ এই তাণ্ডৱ লীলা অসম চৰকাৰে নীৰৱ দৰ্শক হৈ চাই আছে ৷ মিজো সকলক প্ৰত্যুত্তৰ দিয়াৰ এতিয়াও সাহস হোৱা অসম চৰকাৰৰ৷ এক কথাত ক’বলৈ হলে অসম চৰকাৰে মিজোৰামৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পাছত এতিয়া দ্বিগুণ শক্তিত মিজোৰামৰ অসমৰ ভূমি দখল কৰিছে ৷

ইপিনে অসম মিজোৰাম সীমান্ত অঞ্চলৰ ৰাইজে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সন্দৰ্ভত ক্ষোভ উজাৰি কয় , পৰিমল শুক্লবৈদ্য এজন ব্যৰ্থ মন্ত্ৰী ৷ কাৰণ তেওঁৰ চকুৰ সম্মুখতেই তেওঁৰ গৃহ সমষ্টিৰ বনাঞ্চল এতিয়া মিজোৰামে দখল কৰি লৈ গৈছে কিন্তু তেওঁ সম্পূৰ্ণ মৌন ৷

তেওঁলোকে লগতে কয় যে এজন বনমন্ত্ৰীয়ে যদি তেওঁৰ গৃহ সমষ্টিৰ বনাঞ্চল ৰক্ষা কৰিব নোৱাৰে তেনেহ’লে এনে এক মন্ত্ৰীয়ে গোটেই ৰাজ্যৰ বনাঞ্চল কেনেকৈ ৰক্ষা কৰিব ? সীমান্ত বাসী লোকসকলে বনমন্ত্ৰীৰ এনে ভূমিকাত সন্দেহ প্ৰকাশ কৰি কয় যে ইয়াৰ আঁৰত কিবা ৰহস্য থাকিব পাৰে ৷”

Exit mobile version