বঙাইগাঁৱত কা বিৰোধী সমন্বয় সমিতিৰ বিক্ষোভ কাৰ্য‍সূচী

361ca031 c6e2 4e77 9cd4 29ab0c910ed8

আজি বঙাইগাঁও গান্ধী ময়দানত “কা” বিৰোধী সমন্বয় সমিতিৰ বিক্ষোভ কাৰ্য‍সূচি ৰূপায়ন কৰা হয় ৷ এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে ভাৰতীয় সংবিধান ৰক্ষাৰ বাবে আহ্বান জনোৱা হয় ৷ আনহাতে কা বিৰোধী আন্দোলনৰ বাবে নিৰিহ লোকসকলৰ জামিন মঞ্জুৰ হোৱাৰ পাছতো কাৰাগাৰত থাকিব লগীয়া হৈছে৷

কিন্তু বিজেপিৰ মুখপাত্ৰৰ দৰে কাম কৰা বাবেই অৰ্ণৱ গোস্বামীক উচ্চতম ন‍্যায়ালয়ৰ জৰিয়তে তৎকালীনভাৱে জামিন দিয়ালে বুলি মন্তব্য কৰে বঙাইগাঁও জিলাৰ সমিতি চিপিআইএমৰ সভাপতি হৰেশ্বৰ দাসে ।লগতে দাসে গণতন্ত্ৰৰ ৰক্ষাৰ বাবে আমাৰ আন্দোলন চলিছে আৰু চলিয়ে থাকিব বুলি সদৰী কৰে৷

উল্লেখযোগ্য যে বিজেপি নেতৃত্বাধীন চৰকাৰে সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে দেশত ধৰ্মীয় সাম্প্ৰদায়িকতা বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰিছে বুলিও অভিযোগ কৰে “কা”বিৰোধী সমন্বয় সমিতিয়ে ।

Exit mobile version