ব্ৰহ্মপুত্ৰ নদীৰ(অনন্ত নলা) গড়াৰ পুনৰ নিৰ্মাণ আৰু উন্নয়নৰ লগতে স্বৰ্গদেউ সৰ্বানন্দ সিংহ সমাধি ক্ষেত্ৰ, গুইজানৰ দাঁতিকাষৰীয়া অঞ্চলৰ সুৰক্ষা আৰু সৌন্দৰ্য্যবৰ্ধনৰ উদ্দেশ্যে ১৮ কোটি টকাৰ এক আঁচনিৰ শুভাৰম্ভ কৰে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷
ADVERTISEMENT
লগত উপস্থিত থাকে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সঞ্জয় কিষানৰ লগতে ভালেকেইজন বিধায়ক আৰু সাংসদ ৷
আঁচনিৰ শুভাৰম্ভ কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰীৰ দলটোৱে ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যান নৌকাৰে পৰিদৰ্শন কৰে ৷