সোণোৱালী হৈ পৰিছে পথাৰ সমূহ৷ ৰাজ্যৰ পথাৰ ভৰি পৰিছে সোণালী ধাণৰ স’তে জিয়ৰী-বোৱাৰীসকলো৷ পথাৰত নাচিছে, গাইছে, ৰবাৱ টেঙা খাই ফুৰ্টি কৰিছে চিৰাঙৰ অসমীয়াই ৷ চিৰাং জিলাৰ চিদলীৰ সোণালী ধাননী পথাৰৰ নান্দনিক দৃশ্য । আঘোন বুলি কলে এক বিশেষ মাদকতা, সোণগুটিৰে ভৰি পৰা সোণোৱালী পথাৰৰ পৰা লখিমীক আদৰে অসমীয়াই৷ এয়া নামনি অসমৰ বঙাইগাঁও – চিৰাং জিলাৰ গাঁৱৰ পথাৰ সমূহতো ভৰি পৰিছে জাক জাক দাৱনী ৷
পথাৰৰ পৰা হেঁপাহৰ সোণগুটিক ডাঙৰী বান্ধি বিৰিয়াৰে কঢ়িয়ায় মৰমৰ ঘৰখনলৈ কৃষকে৷ আঘোনৰ পথাৰত পূৱাৰ সূৰুজৰ কিৰণে ভূমুকি দিয়াৰ লগে লগে হাতত কাঁচি খন লৈ পথাৰলৈ ঢাপলি মেলে দাৱনীসকলে৷ এক নান্দনিক পৰিৱেশ৷ খিচ্ খিচ্ কৈ ধান কটাৰ শব্দই বিশেষ মাদকতা দিয়ে সোণোৱালী পথাৰত৷ মুঠি মুঠি কৈ কটা ধানৰ মুঠি আৰু ডাঙৰীত ৰছে কৃষকৰ সপোনবোৰ ৷
আঘোনৰ পথাৰতে দাৱনীয়ে আনন্দত নাচে, হেঁপাহৰ ধাননী ডৰাত সোণগুটি কাটি কাটি গীত জুৰে জিয়ৰি-বোৱাৰীয়ে৷ নাৰনিত বহি একে লগে ৰবাব টেঙাৰ জুতি লোৱাৰ সুকীয়া আমেজ লয় চহা অসমীয়াই৷ নৰাৰ মাজে মাজে সৰি পৰা লেচেৰী বুটলি, নৰাৰ পেঁপা বজাই শিশু সকলেও লয় আঘোনৰ পথাৰৰ মাদকতা ।