জুল ভাৰ্ণৰ ক্লাছিক কহিনী ‘এৰাউণ্ড দা ৱ’ৰ্ল্ড ইন এইট্ৰি ডেজ’ৰ বিষয়ে পাঠক সমাজ পৰিচিত । ১৮৭২ত লেখা এই চিৰসেউজ কহিনীৰ প্ৰকাশৰ পাছত পৃথিৱীৰ যথেষ্ট পৰিৱৰ্তন ঘটিল । এই কহিনীকে এতিয়া বাস্তৱ ৰূপ প্ৰদান কৰিছে সংযুক্ত আৰৱ অমিৰশ্বাহীৰ এগৰাকী তৰুণীয়ে । চাৰে তিনি দিনতকৈ কিছু অধিক অৰ্থাৎ ৮৭ ঘণ্টাত পৃথিৱীখনত এপাক মাৰে তৰুণীগৰাকীয়ে ।
যোৱা ফেব্ৰুৱাৰীত এৰ’মেইথি নামৰ এই তৰুণীগৰাকীয়ে এই খ্যাতি অৰ্জন কৰে । কালি গিনিজ বুক অৱ ৱ’ৰ্ল্ড ৰেকৰ্ড কতৃপক্ষৰ পৰা তৰুণীগৰাকীক এই খ্যাতিৰ বাবে স্বীকৃতি প্ৰদান কৰা হয় । পৃথিৱীক এপাক মাৰিবলৈ এৰ’মেইথিক মঠতে তিনিদিন ১৪ ঘণ্টা ৪৬ মিনিট ৪৮ ছেকেণ্ডৰ প্ৰয়োজন হয় । স্বীকৃতি থকা নথকা সকলো মিলাই মুঠতে ২০৮ খন দেশক তেওঁ স্পৰ্শ কৰে এই অভিলেখ গঢ়াৰ সময়ত ।
যোৱা ১৩ ফেব্ৰুৱাৰীত ছিডনিত তৰুণীগৰাকীৰ এই পৰিভ্ৰমণৰ অন্ত পৰে । সেই সময়ত সমগ্ৰ বিশ্বজুৰি কৰ’নাৰ প্ৰকোপ আৰম্ভ হোৱা নাছিল । পৃথিৱীক এপাক মাৰিবলৈ মনত সৃষ্টি হোৱা হাবিয়াস সন্দৰ্ভত এৰ’মেইথিয়ে কয়, ‘সংযুক্ত আৰৱ অমিৰশ্বাহীত প্ৰায় দুশখন দেশৰ মানুহে বাস কৰে । মই বিচাৰিছিলো তেওঁলোকৰ দেশলৈ গৈ সেই দেশবিলাকৰ সংস্কৃতি ঐতিহ্যক বুজিবলৈ ।’
কিন্তু কেনে আছিল এই ভ্ৰমণ ? তেওঁ কয়, ‘সমগ্ৰ বিষয়টো অতিকৈ কঠিন আছিল বাৰম্বাৰ বিমান সলনি কৰিবলগীয়া হৈছিল । বিমান সলনিৰ সময়ত বহুবাৰ ভ্ৰমণৰ ইতি পেলাবলৈকো মন গৈছিল । উভতিবৰ মন গৈছিল ঘৰলৈ; কিন্তু পিছ মুহূৰ্ততে নিজকে স্থিৰ কৰি লক্ষ্যত উপনীত হোৱাৰ সংকল্পত অটল হৈছিলো । এই ক্ষেত্ৰত মোৰ পৰিয়াল তথা আত্মীয়সকলৰো সহযোগ আছিল । কোনেও মোৰ মন ভাঙিবলৈ দিয়া নাছিল । তেওঁলোকৰ দ্বাৰা ভৰসা লাভ নকৰিলে হয়তো মই এই ভ্ৰমতণ সফল হ’ব নোৱাৰিলেহেঁতেন ।’
উল্লেখ্য যে সংযুক্ত আৰৱ অমিৰশ্বাহীৰ স’তে বহু, বিশ্ব অভিলেখযুক্ত হৈ আছে । এনেবিলাক কথা মনত ৰাখিয়ে এৰ’মেইথিয়ে বিশ্ব অভিলেখ গঢ়াৰ সপোন দেখিবলৈ লৈছিল । তেওঁৰ মুখেৰে ক’বলৈ হ’লে, ‘মই সমগ্ৰ পৃথিৱীক দেখুৱাব বিচাৰিছিলো অন্যান্য সকলো দেশৰ দৰে আমাৰ দেশৰ মানুহেও অভূতপূৰ্ব সকলো ধৰণৰ অভিলেখ গঢ়িব পাৰো ।’