গ্রেপ্তাৰ হ’ব পাৰে বিজেপিৰ অসমৰ

TH17JAYPANDA

যিকোনাে মুহূর্ততে স-পত্নীক গ্রেপ্তাৰ হ’ব পাৰে অসমৰ বিজেপি নতুন প্রভাৰী বৈজয়ন্ত পাণ্ডা। ওড়িছাৰ প্রাক্তন সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতিজন আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত হৈছে অবৈধভাৱে দলিত আদালতৰ সম্প্রদায়ৰ বিপুল পৰিমাণৰ ভূমি ক্রয়ৰ অভিযােগ। নিজৰ গাড়ীচালকজনৰ নামত বিজেপি নেতাজনে এই ভূমি অতি সুলভ বাধা মূল্যত ক্ৰয় কৰিছিল। উল্লেখ্য যে পাণ্ডাক মাত্র কিছুদিন পূর্বে অসম বিজেপিৰ প্ৰভাৰীৰ দায়িত্ব প্রদান কৰা হৈছিল। শুকুৰবাৰে ওড়িছা উচ্চ ন্যায়ালয়ে পাণ্ডা আৰু তেওঁৰ পত্নীৰ গ্ৰেপ্তাৰত থকা ৰক্ষাকবচ প্রত্যাহাৰ কৰাৰ পাছতে অসম বিজেপিতে প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে গ্রেপ্তাৰৰ পৰা ৰক্ষাৰ বাবে ইমানদিনে তেওঁলােকৰ আইনী ৰক্ষাকবচ আছিল। তেওঁলােকৰ বিৰুদ্ধে উত্থাপিত হৈছিল আঠ হেজাৰ টকা দৰমহা দিয়া গাড়ীচালকৰ জৰিয়তে প্রায় সাত হেজাৰ একৰ ভূমি অবৈধ প্রক্রিয়াৰে ক্ৰয় কৰাৰ অভিযােগ। মন কৰিবলগীয়া যে ওড়িছাত দলিতসকলৰ ভূমি ক্রয়-বিক্রয়ক লৈ কঠোৰ আইন আছে। এই আইনৰ আওতাত দলিত সম্প্রদায়ৰ কোনাে লােকে নিজৰ নামত থকা ভূমিৰ সম্পূর্ণ অংশ বিক্ৰী কৰিব নােৱাৰে। নিজৰ ভূমিৰ সামান্য অংশ বিক্রী কৰিবলৈ হ’লেও জিলা উপায়ুক্তৰ অনুমতি লবলগীয়া হয়।

ইয়াৰ উপৰি কোনাে লােকে অনিবার্য কাৰণত ভূমি বিক্রী কৰিবলৈ লৈছে নে তেওঁক ভূমি বিক্ৰী কৰিবলৈ আন কোনােবাই চাপ দিছে, এইবােৰ বিষয়ে পৰীক্ষা কৰা হয়। সকলাে চাই প্রশাসন সন্তুষ্ট হ’লেহে কোনাে দলিত লােকে নিজৰ ভূমি বিক্ৰী কৰিব পাৰে। অভিযােগ অনুসৰি, এইবােৰ আইনী জটিলতাত যাতে পৰিবলগীয়া নহয় আৰু সমস্ত ভূমি ক্রয় কৰিব পাৰে, তাৰ বাবেই পাণ্ডাই নিজৰ গাড়ী চালকক ব্যৱহাৰ কৰিছিল। ইতিমধ্যে গাড়ীচালকজনক গ্রেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে যােৱা ৩১ অক্টোবৰত ওড়িছা আৰক্ষীৰ অর্থনৈতিক অপৰাধ শাখাই ৰবীন্দ্ৰকুমাৰ ছেঠী নামৰ এজন লােকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ৰবীন্দ্ৰকুমাৰ এসময়ত পাণ্ডাৰ ব্যৱসায়িক প্রতিষ্ঠান অর্টেল কমিউনিকেচনছ লিমিটেডত গাড়ীচালকৰূপে নিয়ােজিত আছিল। ইয়াৰ বাবদ তেওঁ পাণ্ডাৰ প্রতিষ্ঠানৰ পৰা মাহিলি আঠ হেজাৰ টকা দৰমহা লাভ কৰিছিল। তদন্তকাৰী বিষয়াই জনােৱা মতে, সেই সময়তে ৰবীন্দ্ৰকুমাৰে দলিত সম্প্রদায়ৰ ২২জন লােকৰ পৰা মুঠ সাত হেজাৰ ২৯৪ একৰ ভূমি ক্রয় কৰিছিল। আঠ হেজাৰ টকাৰ দমহা প্রাপ্ত এজন লােকৰ বাবে যিটো আছিল একপ্রকাৰ অসম্ভৱ।

তদন্তকাৰী দলৰ সূত্রই জনােৱা মতে, জেৰাৰ সময়তে ৰবীন্দ্ৰকুমাৰে বিজেপি নেতা পাণ্ডা আৰু তেওঁৰ পত্নীৰ নাম সদৰী কৰে। তদন্তকাৰী দলে জানিব পাৰে যে ২০১০ৰ পৰা ২০১৩ৰ ভিতৰত বজাৰৰ অর্ধেক মূল্যত ৰবীন্দ্ৰকুমাৰৰ নামত উক্ত বিপুল পৰিমাণৰ ভূমি ক্রয় কৰা হৈছিল। ৰিয়েল এষ্টেটৰ ব্যৱসায়ৰ বাবে পৰৱৰ্তী সময়ত ওড়িছা ইনফ্রাটেক প্রাইভেট লিমিটেড (অ’আইপিএল) নামৰ কোম্পানীটোৱে ৰবীন্দ্ৰকুমাৰৰ পৰা উক্ত ভূমি ৬৫ লাখ টকাৰ বিনিময়ত ক্রয় কৰে। পাণ্ডাৰ পত্নী অ’আইপিএলৰ কো-প্রমটাৰ।

তদন্তত ওলাই পৰে যে ৬৫ লাখ টকাত উক্ত ভূমি ক্রয় কৰা হৈছে বুলি চৰকাৰী নথিত দেখুওৱা হ’লেও ৰবীন্দ্ৰকুমাৰৰ একাউণ্টত উক্ত ধন সােমােৱা নাছিল। সকলােবােৰ পৰীক্ষা কৰাৰ পাছতে পাণ্ডা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বিৰুদ্ধে নৃশংসতা প্রতিৰােধ, বেনামী লেনদেনসহ একাধিক আইনৰ অধীনত গােচৰ পঞ্জীয়ন হয়। ইয়াৰ পাছতে শেহতীয়াকৈ গ্রেপ্তাৰ ৰােধ কৰিবলৈ ওড়িছা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিজেপি সাংসদজন। উক্ত আবেদনত সহাঁৰি জনাই উচ্চ ন্যায়ালয়ে অন্তর্বর্তী ৰায়ত প্রথমে গ্রেপ্তাৰৰ বিৰুদ্ধে ৰক্ষাকবচ মঞ্জুৰ কৰিছিল। কিন্তু যােৱা শুকুৰবাৰে আদালতে সেই ৰক্ষাকবচ প্রত্যাহাৰ কৰাত পাণ্ডা আৰু তেওঁৰ পত্নীৰ গ্ৰেপ্তাৰ নিশ্চিত হৈ পৰিছে।

ওড়িছা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিপি ৰুত্রেই এই সন্দৰ্ভত ৰায় দি কয়, ‘অপৰাধ গােচৰৰ তদন্তত আদালতে হস্তক্ষেপ নকৰে। তদন্ত এতিয়াও শেষ হােৱা নাই, সেয়ে আবেদনকাৰীৰ দাবী খাৰিজ কৰা হৈছে। আগৰ অন্তৱৰ্তী ৰায়ত যি নির্দেশ দিয়া হৈছিল, সেয়াও প্রত্যাহাৰ কৰা হ’ল। ইপিনে, পাণ্ডা আৰু তেওঁৰ পৰিয়ালে সমস্ত গােচৰত নিজৰ ভূমিকা অস্বীকাৰ কৰিছে। ইয়াৰ বিপৰীতে ওড়িছাৰ নবীন পাটনায়ক চৰকাৰৰ প্ৰতিহে তেওঁলােকে আঙুলি তুলিছে।

পাণ্ডাই অভিযােগ কৰিছে যে ওড়িছাৰ ৰাজ্য চৰকাৰে প্রতিহিংসাৰ ৰাজনীতি কৰিছে। তেওঁলােকে কোনাে বেআইনী কাম কৰা নাই বুলি দাবী কৰি সময়ত প্রকৃত সত্য ওলাই পৰিব বুলিও পাণ্ডাই মন্তব্য কৰিছে। বিজেপি সাংসদজনৰ লগতে তেওঁৰ পৰিয়ালে দাবী কৰিছে যে তেওঁলােকৰ মালিকানাধীন চেনেল অটিভিত ৰাজ্যৰ কৰ’না পৰিস্থিতিৰ প্রকৃত চিত্ৰখন দাঙি ধৰা বাবেই ৰাজ্য চৰকাৰে ইচ্ছাকৃতভাৱে তেওঁলােকক হাৰাশাস্তি কৰিছে।

Exit mobile version