ৰাজ্যত আজিও হ্ৰাস পোৱা নাই হাতী মানুহৰ সংঘাত। খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ চৌহদত আজি ‘আৰণ্যকৰ’ নামৰ বেচৰকাৰী সংগঠন এটাই এখন ৰাজহুৱা সজাগতা সভাত বনাঞ্চল ধ্বংস, জনসংখ্যাৰ দ্ৰুত হাৰ বৃদ্ধি আৰু উদ্যোগ স্থাপনেই হৈছে হাতী-মানুহৰ সংঘাতৰ মূল কাৰণ বুলি মন্তব্য কৰে।
খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া চন্দ্ৰ সিং তিচ্ছ’ আৰু বনকৰ্মীৰ সহযোগত অনুষ্ঠিত হোৱা সভাত বেচৰকাৰী সংগঠনটোৰ বিষয়ববীয়া ক্ৰমে নিৰঞ্জন ভূঞা, অঞ্জন বৰুৱা আৰু বিজয় কলিতাই যোৱা দুটা বৰ্ষৰ ভিতৰত হাতী-মানুহৰ সংঘাতত শতাধিক বনৰীয়া হাতী আৰু ৮০-৯০ জনতকৈ অধিক নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগা হৈছে বুলি ৰাইজৰ ওচৰত প্ৰকাশ কৰে।
হাতী-মানুহৰ সংঘাতৰ বিভিন্ন দিশৰ প্ৰতি লক্ষ্য ৰাখি বনৰীয়া হাতীৰ উপদ্ৰৱ আৰু আক্ৰমণৰ পৰা বনৰীয়া হাতী সন্ত্রাসীত অঞ্চলৰ কৃষক আৰু গঞা ৰাইজে কিদৰে পৰিত্ৰাণ পাব পাৰে বা কি কি পদক্ষেপ লোৱাৰ প্রয়োজনীয়তা আছে সেই সম্বন্ধে ৰাইজক অৱগত কৰে। লগতে হাতীৰ উপদ্ৰৱত নিদ্ৰা হৰণ আৰু জৰ্জৰিত হৈ অহা বৃহত্তৰ খেৰণি অঞ্চলৰ ৰাইজে বিভিন্ন গাঁৱত হাতী উপদ্ৰৱ নিয়ন্ত্ৰণৰ হকে গঠন কৰি ৰখা ৪০ টাকৈ নিয়ন্ত্ৰণ কমিটিৰ মাজত একোটাকৈ টৰ্চ লাইট বিতৰণ কৰে । উক্ত উল্লেখিত বেচৰকাৰী সংগঠনটোৱে অনাগত দিনত আৰু অধিক ব্যৱস্থা প্ৰদানৰ প্ৰতিশ্ৰুতিও দিয়ে ।