সার্বভৌমত্ব-নিৰাপত্তা বিঘ্নিত হােৱাৰ শংকা

GettyImages 953778398

দেশৰ সার্বভৌমত্ব আৰু নিৰাপত্তা বিঘ্নিত হােৱাৰ আশংকাতে পুনৰ ৪৩টা ম’বাইল এ নিষিদ্ধ কৰিলে ভাৰত চৰকাৰে। লক্ষ্যণীয়ভাৱে নিষিদ্ধ।হােৱা এ সমূহৰ অধিকাংশই চীনা এ আৰু সেইবােৰ ‘ডেটিং’সংক্রান্তীয়। সম্প্রতি দেশত এই ধৰণৰ ‘ডেটিং এপৰ জনপ্রিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে। বিশেষকৈ তৰুণ-তৰুণীসকলৰ মাজত এনে এপৰ ব্যৱহাৰ.দ্রুতগতিৰে বৃদ্ধি পাইছে। ফলত এই এসমূহ নিষিদ্ধ কৰাৰ বাবে চৰকাৰ সমালােচনাৰ সন্মুখীন হােৱাৰ আশংকাও কৰা হৈছে।

কেন্দ্রীয় চৰকাৰৰ তথ্য-প্রযুক্তি মন্ত্রণালয়ৰ সূত্ৰই আজি জনাইছে যে দেশৰ তথ্য-প্রযুক্তি আইনৰ ৬৯-এ ধাৰাৰ অধীনত এই ম’বাইল এসমূহ নিষিদ্ধ কৰা হৈছে। এই ম’বাইল এসমূহ ব্যৱহাৰৰ মাধ্যমেৰে দেশৰ নিৰাপত্তা, প্রতিক্ষা আৰু সার্বভৌমত্ব বিপদৰ মুখত পৰিব পাৰে বুলি ইণ্ডিয়ান চাইবাৰ ক্রাইম কো-অর্ডিনেচন চেণ্টাৰৰ তৰফৰ পৰা সতর্কবার্তা প্ৰেৰণ কৰা হৈছিল। উক্ত সাৱধানবাণী পােৱাৰ পাছতে এই পদক্ষেপ গ্রহণ কৰা বুলি মন্ত্রণালয় সূত্রই জনাইছে। ইফালে, একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে যে অন্যান্য ম’বাইল এসমূহৰ দৰে ‘ডেটিং’ এ সম্প্রতি অতিশয় জনপ্রিয়।

লাডাখত ভাৰতৰ স’তে চীনৰ বিবাদৰ ফলত ইয়াৰ পূর্বেও কেন্দ্রই বহু চীনা এ নিষিদ্ধ কৰিছিল। বিশেষজ্ঞসকলে কয় যে সেই বাবেই এতিয়া চীনে বিভিন্ন জনপ্রিয় ‘ডেটিং এপৰ মাধ্যমেৰে চৰবৃত্তিৰ নতুন পন্থা গ্রহণ কৰিছে। এই এপসমূহৰ মাধ্যমেৰে মানুহক সহজে ফান্দত পেলােৱা সম্ভর বুলিও তেওঁলােকে মত ব্যক্ত কৰিছে।

উল্লেখ্য যে যােৱা ২৯ জুনত ৫৯টা আৰু দুই ছেপ্টেম্বৰত মুঠ ১১৮টা ম’বাইল এ নিষিদ্ধ কৰা হৈছিল। সেই সকলােবােৰ চীনা এ বুলি সদৰী কৰিছিল কেন্দ্রই। তেতিয়াও এক বিবৃতি জাৰি কৰি কেন্দ্ৰীয় চৰকাৰে জনাইছিল যে দেশৰ সার্বভৌমত্ব আৰু নিৰাপত্তাৰ স্বাৰ্থতে তথা দেশৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবেই এই ম’বাইল এসমূহ নিষিদ্ধ কৰা হৈছে। এই নিষিদ্ধকৰণৰ তালিকাত আছিল টিকটক্, ইউছি ব্রাউজাৰ, উইচেটৰ দৰে জনপ্রিয় এসমূহ। অভিযােগ উঠিছিল যে এই এসমূহৰ মাধ্যমেৰে চীনে দেশৰ বিভিন্ন গুরুত্বপূর্ণ ক্ষেত্ৰত দৃষ্টি নিক্ষেপ কৰি আছে। দেশৰ নিৰাপত্তা বিঘ্নিত হােৱাৰ আশংকাতে সেই এমূহ নিষিদ্ধ কৰা হয়।

Exit mobile version