প্ৰাথমিক বিদ্যালয়ত নামভৰ্তিৰ পৰা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত আসন লাভ কৰালৈ সকলোতে অব্যাহত আছে ‘টেবুলৰ তল’ৰ লেনদেন । নিমিষতে এখন হাতৰ পৰা আন এজনৰ হাতলৈ যোৱা নোটৰ বান্দিলৰ কল্যাণতে সকলো লাভ কৰাটো সম্ভৱ হৈ উঠিছে । ক’বলৈ গ’লে টেবুল তলৰ লেনদেনৰ ক্ষেত্ৰত ভাৰতীয়সকল ভালদৰেই অভিজ্ঞ । এই লজ্জাজনক দিশটো পুনৰ পোহৰলৈ আনিলে নতুন এক সমীক্ষাই । ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেলৰ দ্বাৰা চলোৱা সমীক্ষাত প্ৰকাশ পোৱা তথ্য অনুসৰি এছিয়াৰ ভিতৰত সবাতোকৈ অধিক উৎকোচৰ লেনদেন হয় ভাৰতত । দ্বিতীয় স্থানত আছে কম্বোডিয়া ।
সম্প্ৰতি ভাৰতৰ ৪৭ শতাংশ লোকে বিশ্বাস কৰে যে যোৱা ১২ মাহত দেশত দুৰ্নীতি ৰোধ কৰাত চৰকাৰে কাম-কাজ কৰি আছে বুলিও ব্যক্ত কৰে । অৰ্থাৎ দুৰ্নীতিৰ মাত্ৰা বৃদ্ধি পালেও কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ ওপৰত এতিয়াও আস্থা ৰখা লোকৰ সংখ্যা কম নহয় । সমীক্ষাত পোহৰলৈ অহা তথ্য অনুসৰি ভাৰতত ৩৯ শতাংশ কাম-কাজতে উৎকোচৰ লেনদেন হয় । ৪৬ শতাংশ ভাৰতীয়ই চৰকাৰী সেৱা লাভ কৰিবলৈ উপৰ মহলক সন্তুষ্ট কৰিবলৈ সকলো সময়তে প্ৰস্তুত হৈ থাকে । ইয়াৰে ভিতৰত ৩২ শতাংশই আকৌ ওপৰ মহলক সন্তুষ্ট কৰিব নোৱাৰি বুলিয়ে ভাবে ।
যোৱা জোন আৰু ছেপ্টেম্বৰৰ মাজৰ সময়ছোৱাত ১৭খন দেশৰ ২০ হেজাৰ লোকক সামৰি এই সমীক্ষা চলোৱা হৈছিল সমীক্ষাত অংশগ্ৰহনকাৰীসকলৰ পৰা ৰোৱা ১২ মাহত হোৱা দুৰ্নীতিক লৈ নিজৰ নিজৰ অভিজ্ঞতা জানিবলৈ বিচৰা হৈছিল । মূলতঃ আৰক্ষী, আদালত, চৰকাৰী হাস্পতাল, পাৰপত্ৰ সংগ্ৰহ অথবা চৰকাৰী সেৱাক লৈ সমীক্ষাত অংশগ্ৰহন কৰা সকলক প্ৰশ্ন কৰা হৈছিল ৪২ শতাংশৰ মতে, তেওঁলোকে আৰক্ষীক উৎকোচ দিবলৈ বাধ্য হৈছিল । আনহাতে, উৎকোচৰ লেনদেনৰ ক্ষেত্ৰত তালিকাৰ সবাতোকৈ তলত স্থান লাভ কৰিছে জাপান আৰু মালদ্বীপে । এই দুখন দেশৰ বাসীন্দাসকলে মাত্ৰ দুই শতাংশ কাম-কাজতহে উৎকোচ দিয়ে ।