প্রতিজন ভােটাৰক সামৰি লােৱাৰ লক্ষ্যৰে বিজেপিৰ বুথ কি বাত’আৰম্ভ

Rally Bharatiya Janata Party BJP Narendra Modi India April 2019

ৰাজ্যৰ আগন্তুক বিধানসভা নির্বাচনলৈ মাজত প্ৰায় চাৰিমাহ বাকী। এনে সময়তে বিজেপিয়ে ধাৰাবাহিক দ্বিতীয়টো কার্যকালৰ বাবে দিছপুৰত চৰকাৰ গঠনৰ লক্ষ্যৰে আজিৰ পৰা সূচনা কৰিলে নির্বাচনী অভিযান। সম্পূর্ণ নতুন এই ৰণকৌশলক কার্যকৰী ৰূপ দিবলৈ দলটোৰ ২৮ হেজাৰ বুথত আজি একে সময়তে অনুষ্ঠিত হয় ‘বুথ কি বাত’নামৰ এক অনুষ্ঠান। কেন্দ্রীয় নেতৃত্বৰ নির্দেশ মর্মে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি তৃণমূললৈকে দলৰ সকলাে পর্যায়ৰ নেতাই আহি নিজ নিজ বুথত এই কাৰ্যসূচীত অংশগ্রহণ কৰে। ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে এই সন্দৰ্ভত কয় যে সম্পূর্ণ নতুন ধাৰণাৰ বুথ কি বাত’ কাৰ্যসূচীৰ জৰিয়তে বিজেপিয়ে বুথৰ প্ৰতিজন ভােটাৰৰ ওচৰলৈ যাব। তাৰ বাবে আজি এই অভিযানৰ আৰম্ভ কৰা হয়। দাসে কয়, এই কার্যসূচীৰ জৰিয়তে প্রতিখন বুথ সমিতিয়ে নিজৰ বুথত থকা ভােটাৰ তালিকা পুংখানুপুংখভাৱে পর্যালােচনা কৰিব।

যেনে যােৱাবাৰৰ নিৰ্বাচনত বুথটোত বিজিপেয়ে কিমান ভােট লাভ কৰিছিল, এইবাৰ কিমান ভােট পােৱাৰ লক্ষ্য লােৱা হৈছে,বুথটোত হিতাধিকাৰী কোন কোন আছে। কোনজন হিতাধিকাৰী চৰকাৰৰ কোনখন আঁচনিৰ পৰা সুবিধা লাভ কৰি আছে আদি সকলােবােৰ দিশ পর্যালােচনা কৰা হ’ব। তাৰ লগতে বুথৰ কর্মকর্তাই প্রতিজন হিতাধিকাৰীৰ ঘৰলৈ যাব আৰু তেওঁলােকৰ লগত চৰকাৰৰ কাম-কাজৰ সা-সুবিধাৰ বিষয়ে বার্তালাপ কৰিব। এনেদৰে প্ৰতিজন ভােটাৰক আমাৰ এই কার্যসূচীৰ জৰিয়তে সামৰি লােৱা হ’ব।

উল্লেখ্য যে প্রতিষ্ঠানবিৰােধী সকলাে তৎপৰতাক প্রত্যাহ্বান জনাই বিজেপিয়ে দাবী কৰি আহিছে যে আহি থকা নির্বাচনবােৰ মিত্র দলৰে মিলি এশতকৈ অধিক সমষ্টি দখল কৰিব। দাবীৰ সমান্তৰালকৈ অব্যাহত আছে নির্বাচনকেন্দ্রিক সকলাে তৎপৰতা। দলটোৱে পৃষ্ঠা প্রমুখৰ জৰিয়তে ভােটাৰ তালিকাৰ প্ৰতিটো পৃষ্ঠাত থকা প্ৰতিজন ভােটাৰক বিজেপিৰ লগত সংযুক্ত কৰাৰ প্রক্রিয়া পূর্বৰে পৰা চলাই আহিছে। তাৰ ওপৰতে আজিৰ পৰা আৰম্ভ কৰা ‘বুথ কি বাত’ৰ জৰিয়তে যাব বিচাৰিছে তৃণমূলৰ একেবাৰে অভ্যন্তৰলৈ। সেইবাবে কোনজন ভােটাৰে বিজেপিক এইবাৰ ভােট দিব, কোনজনে কি কাৰণত বিজেপিক ভােট দিয়াৰ সম্ভাৱনা কম, বিজেপিক সমর্থন নকৰাজনক কিদৰে সমর্থন কৰিব পাৰি আদি পর্যায়ৰ হিচাপ-নিকাচ ‘বুথ কি বাত’ৰ জৰিয়তে সামৰি লােৱা হ’ব।

Exit mobile version