চমক সৃষ্টি কৰিছে ইটালীৰ এখন বেগে

55f3c45c 30d2 11eb b4da 07fd45ff6b8b

বেগৰ সংগ্ৰাহকসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ইটালীৰ এখন নাম থকা ফেশ্বন প্ৰতিষ্ঠানে । সাধাৰণৰ পৰা বহুমূলীয়া অথবা হাতত লোৱাৰ পৰা দীঘল ফিটা থকালৈকে সকলো ধৰণৰ বেগ এই প্ৰতিষ্ঠানৰ পৰা লাভ কৰিব পাৰিব গ্ৰাহকে । অৱশ্যে একমাত্ৰ সুখবৰ বুলিলেও ভুল কৰা হ’ব । হীৰা মুকুটাৰেও বেগ বনাই দিয়াৰ অৰ্ডাৰ গ্ৰহণ কৰে প্ৰতিষ্ঠানটোৱে । ইটালীৰ ‘ব আৰিনি মিলনেচি’ নামৰ এই প্ৰতিষ্ঠানটোৱে নিজৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত বিভিন্ন বেগৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰিছে । প্ৰ’ফাইলত শেহতীয়াকৈ ছবি প্ৰকাশ কৰা সমুদ্ৰৰ জলৰাশিৰ দৰে নীলা ৰঙৰ বেগখন দেখাসকলৰ কিছু সময়ৰ বাবে হ’লেও চকু থৰ লাগি গৈছিল । ঘঁৰিয়ালৰ ছালেৰে বনোৱা হৈছে এই বিশেষ বেগখন ।

কাৰিকৰৰ হাতৰ স্পৰ্শত বেগটো অতি দুৰ্মূল্য হৈ পৰিছে । আনহাতে, সেইখন আকৰ্ষণীয় কৰি তুলিবলৈ সোণ-হীৰাৰ লগতে নীলকান্ত মণিৰ ব্যৱহাৰ কৰা হৈছে । হোৱাইট গ’ল্ডেৰে বনোৱা দহটাকৈ পখিলাই বেগখনক অনন্য সুন্দৰ কৰি তুলিছে । ইয়াৰ ভিতৰত তিনিটা পখিলাত নীলকান্ত মণিয়ে স্থান লাভ কৰিছে । চাৰিটা পখিলাত আকৌ‌ হীৰা লগোৱা হৈছে । বাকী তিনিটা পখিলাত বহু মূল্যৱান ৰত্ন খচিত কৰা হৈছে । স্বাভাৱিকতে বেগখনত সমুদ্ৰৰ বৰণৰ লগতে বিভিন্ন ৰত্নই স্থান‌ লাভ কৰিছে । উল্লেখ্য যে এই বহুমূলীয়া বেগখনত ক্ৰেতাৰ নামটোৱে স্থান লাভ কৰি সৌন্দৰ্য অধিক বৃদ্ধি কৰিব । সেইখন ক্ৰয় কৰাৰ সময়ত নিজৰ নামৰ বানানৰ লগতে কেনেদৰে লেখাটো বিচাৰে মাত্ৰ সেই কথা জনালেই হ’ল ।

বাকী সকলো কৰি দিব উৎপাদনকাৰী প্ৰতিষ্ঠানে । ব আৰিনি মিলানেচিৰ সহ প্ৰতিষ্ঠাতা কেৰোলিনে এই বিষয়ে জনোৱা অনুসৰি তেওঁৰ পিতৃৰ স্মৃতিত এই বিশেষ বেগখন বনোৱা হৈছে । বেগখন একমাত্ৰ সৌন্দৰ্য অথবা ঐশ্বৰ্যৰ প্ৰদৰ্শনৰ বাবেই বনোৱা হোৱা নাই । বেগত লগোৱা প্ৰতিটো উপকৰণতেই পৃথক গুৰুত্ব আছে । যিদৰে সমুদ্ৰৰ গভীৰতম স্থানত পোৱা যায় নীলকান্ত মণি, তেনেদৰেই হীৰাৰ প্ৰকৃত পৰিচয় স্বচ্ছতা অথবা সোণ হৈছে পৱিত্ৰতাৰ প্ৰতীক । ফলত যিজনে বেগখন ব্যৱহাৰ কৰিব তেওঁৰ নিজৰ ব্যক্তিত্বও প্ৰভাৱিত হ’ব ইয়াৰ মাধ্যমত । এনেদৰেই মনোভাৱ ব্যক্ত কৰি কেৰোলিনে । অৱশ্যে সকলোৱে বেগখনৰ দামো জানিব বিচাৰিব । প্ৰতিষ্ঠানে ৫.৩ নিযুত পাউণ্ড নিৰ্ধাৰণ কৰিছে বেগখনৰ দাম । ভাৰতীয় মুদ্ৰাত ই হ’ব ৫২ কোটি ১৫ লাখ ২৭ হেজাৰ ৩০৭ টকা । ভাৰতত বেগখনৰ দামে নিশ্চিত চমক সৃষ্টি কৰিছে ।

Exit mobile version