দিল্লীৰ বতৰ বিজ্ঞানীসকলে আগজাননী সদৰী কৰে যে, বংগোপসাগৰত উৎপন্ন হোৱা নিম্নচাপ ঘূৰ্ণিবতাহ ‘বুৰেভি’ত পৰিণত হৈ কেৰালাৰ স্থলভাগত আহিব পাৰে । ইতিমধ্যে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে সতৰ্কবাণী জাৰি কৰিছে । তেওঁ উদ্ধাৰ কাৰ্যৰ বাবে নৌবাহিনীক প্ৰস্তুত থাকিবলৈ কয় । হেলিকপ্টাৰ, নৌকা আদিও সাজু কৰি ৰখা হৈছে । বতৰ বিজ্ঞানীসকলে কয়, ‘বুধবাৰে ৰাতি এই ঘূৰ্ণিবতাহ শ্ৰীলংকাৰ উপকূল পাবহি । তাৰ পাছত বৃহস্পতিবাৰে দুপৰীয়া কন্যাকুমাৰী আহি পাব ।’
ইতিমধ্যে এই ঘূৰ্ণিবতাহক লৈ প্ৰশাসনিক স্তৰত তৎপৰতা আৰম্ভ হৈ গৈছে । কেৰালাৰ মুখ্যমন্ত্ৰীজনে সাতটা দুৰ্যোগ প্ৰতিক্ৰিয়া দলক প্ৰস্তুত থাকিবলৈ নিৰ্দেশনা দিছে । উদ্ধাৰ কাৰ্যৰ বাবে কেন্দ্ৰ চৰকাৰৰ পৰাও সহায় বিচৰা হৈছে ।
বতৰ বিজ্ঞান কেন্দ্ৰই জনায় যে, দক্ষিণ তামিলনাডু ও দক্ষিণ কেৰালা উপকূলৰ ওপৰত দৃষ্টি ৰাখিব লাগিব । বংগোপসাগৰৰ দক্ষিণ-পশ্চিম দিশৰ পৰা পশ্চিম-উত্তৰ পশ্চিম দিশে নিম্নচাপৰ সৃষ্টি হৈছে । ক্ৰমে অতি গভীৰ নিম্নচাপ পৰাৰ ফলত ই ঘূৰ্ণিবতাহত পৰিণত হ’ব পাৰে । বৰ্তমানলৈকে পোৱা পূৰ্বাভাস অনুসৰি, দুই ডিচেম্বৰত ৰাতি শ্ৰীলংকাৰ ত্ৰিংকুমালিৰ পৰা এই বতাহ গতি কৰিব । ইয়াৰ পাছত তিনি ডিচেম্বৰত কোমোৰিনৰ পৰা পশ্চিম দিশলৈ গতি কৰিব । সেই বাবেই কেৰালা আৰু তামিলনাডুত ঘূৰ্ণিবতাহ উৎপন্ন হোৱাৰ আশংকা আছে ।