হিমন্তই প্ৰথমে বিত্ত বভাগত সংঘটিত দুৰ্ণীতিৰ হিচাব দিয়ক তাৰ পিচত বিটিচিৰ হিচাব লওক : চন্দন ব্ৰহ্ম

f88859c7 ad31 4e63 bbda 852b0a1a7b42

বিটিচ নিৰ্ব্বাচন প্ৰচাৰৰ নামত তুচ্ছ তাচ্ছিল্য কৰা,সাম্প্ৰদায়িক মন্তব্য, হিন্দু-মুছলমানৰ ৰাজনীতি কৰা আৰু বেয়া ভাষা ব্যৱহাৰ কৰে বুলি মন্ত্ৰী চন্দন ব্ৰহ্মৰ অভিযোগ মন্ত্ৰী হিমন্ত ওপৰত । চিৰাঙৰ পানবাৰীত অনুষ্টিত বিপিএফৰ নিৰ্ব্বাচনি সভাত এই দৰে সতিৰ্থ মন্ত্ৰীৰ বিৰুদ্ধে  অভিযোগ কৰে মন্ত্ৰী চন্দন ব্ৰহ্মই। তেওঁ কয় যে বিটিচিত ইয়াৰ পুৰ্বে কেতিয়াও ইমান নিম্ন খাপৰ ৰাজনীতি হোৱা নাছিল যি হিমন্তই এইবাৰ আৰম্ভ কৰিছে। হিমন্তৰ কথা মতে বিটিচিতো হিন্দু মুছলমানৰ ৰাজনীতি নকৰাৰ বাবেই আজি হিমন্তই হাগ্ৰামা মহিলাৰীক বেয়া বেয়া ভাষাৰে গালি দিছে। আমি জীয়াই থকালৈ বিটিচিত কেতিয়াও হিন্দু মুছলমানৰ ৰাজনীতি হব নিদিও বুলি সকিয়নি দিয়ে চন্দন ব্ৰহ্মই লগতে তেওঁ কয় আজিহে বিটিচি বাসীয়ে বুজি পাইছে আৰু শান্তি স্থাপন হৈছে।

সেয়ে আমি পিচুৱাই যাব নিবিচাৰো। উন্নয়নৰ ধাৰা অটুট থাকিব বিটিচিত । তেওঁ আৰু কয় যে বিটিচিৰ দুৰ্ণীতি তথা ধনৰ হিচাব লোৱাৰ পুৰ্বে হিমন্তই নিজৰ হিচাব দিয়ক । বিটিচিৰ কিমান টকাৰ দুৰ্ণীতি হৈছে সেয়াও ভালদৰে কব নোৱাৰে । আবোল তাবোলহে বকিছে হিমন্তই। আজি কভিডৰ নামত লাখ লাখ কোটী টকা বিশ্ব বেংক আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা পোৱাৰ পিচতো বিত্ত বিভাগৰ দায়িত্বত থকা হিমন্তই কোনো হিচাব দিয়া নাই । গতিকে ইয়াৰ হিচাব দিব লাগিব অসম বাসী ৰাইজক বুলিও কয় চন্দন ব্ৰহ্মই। বিটিচিৰ ৩৫ লাখ জনতা আছে । বিটিচিয়ে পাবলগীয়া ধন অসম চৰকাৰৰ বিত্ত বিভাগে নিদিয়ে । বহু বাকী আছে এতিয়াও।

সেই টকা যাতে দিব নালাগে সেয়ে এতিয়া বিভিন্ন দুৰ্ণীতিৰ ৰাজনীতিকৰণ কৰি ভূৱা তথ্য বিটিচিৰ ৰাইজক দি বিপথে পৰিচালিত কৰিব বিচাৰিছে হিমন্তই বুলি অভিযোগ কৰে চন্দন ব্ৰহ্মই। কিন্ত তেওঁৰ আশা পুৰণ নহব। বিটিআৰ চুক্তি মতে আমি জীয়াই থকালৈ কাকো উচ্ছেদ কৰিব নিদিও । এইবাৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰ হোৱাৰ লগে লগে প্ৰথমেই বিটিআৰ চুক্তিৰ বেয়া দফাবোৰ আতৰাম বুলিও কয় মন্ত্ৰী জনে। হিমন্তৰ কথাত ৰাইজ ভোল নাযায় বৰঞ্চ বিপিএফৰ ভালহে হৈ আছে। এজন প্ৰভাৱশালি মন্ত্ৰীৰ মুখত এনে ভাষা সোভা নাপায়। হিমন্তই বিটিচিৰ হিচাব বিচৰাটো নিজৰ ইচ্ছা নে বিজেপিৰ নে চৰকাৰৰ সিদ্ধান্ত সেয়া স্পষ্ট কৰাৰ আহ্বান জনায়। চৰকাৰী হিচাবৰ সংবাদ মেল এনে নহয়।

তেওঁ বিটিচিত বিজেপিক প্ৰতিষ্টা কৰাৰ ঠিকা লৈছে বুলিও অভিযোগ কৰে। ৰাইজক ভূল তথ্য দি হিৰো হব খুজিছে হিমন্তই। এইটো সম্ভৱ নহয়। আজি হিমন্তৰ লগত বিজেপিৰ কিমান মানুহ আছে সেয়া অসমৰ লোকে জানে । দুজনমান মানুহ লগত লৈ বিটিচিত বিজেপি প্ৰতিষ্টা কৰা সহজ নহয় সেয়া বিজেপিৰ লোকেও জানে। আগন্তক বিধান সভা নিৰ্ব্বাচনত বিটিচিত বিজেপি প্ৰতিষ্টা কৰা বুলি নিজকে হিৰো সজাই মুখ্য মন্ত্ৰী হোৱাৰ দাবীদাৰ হোৱাৰ বাবে চেষ্টা কৰিছে । এইটো তেওঁৰ  ছিঙ্গেল পইন্ট বুলিও কয় চন্দন ব্ৰহ্মই। যোৱা নিশা চিৰাং সমষ্টীৰ গণ সুৰক্ষা দলৰ প্ৰাৰ্থীক আক্ৰমন কৰাৰ বিষয়ে বিপিএফক অভিযোগ কৰাৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে যদি প্ৰমান কৰিব নোৱাৰে তেতিয়া আমিয়ো আমাক বদনাম দয়াৰ বাবে আইনি ব্যৱস্থা লম বুলি কয়। কোকৰাঝাৰত অস্ত্ৰ উদ্ধাৰৰ বিষয়েকয় যে অসম আৰক্ষীৰ সেয়া বৃহৎ সফলতা ইয়াৰ ৱাবে তেওলোক ধন্যবাদৰ পাত্ৰ ।

বিটিচিত থকা সকলো অবৈধ অস্ত্ৰ উদ্ধাৰ হোৱাটো কামনা কৰে মন্ত্ৰী জনে। সভাত উপস্থিত থাকি বিপিএফ নেত্ৰী অঞ্জলি দৈমাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ফালৰ পৰা বিটিচিৰ নিৰ্ব্বাচনি পৰ্ৰচাৰত শালিনতা এৰি যি দৰে ভাষা ব্যৱহাৰ কৰিছে সেয়া সকলোৱে আচৰিত হৈছে। সৰু মাত্ৰ চাৰিখন জিলালৈ গঠিত পৰিষদীয় নিৰ্ব্বাচনত প্ৰচাৰৰ নামত যিদৰে প্ৰৱেশ কৰিছে সেয়া কোনেও ভালপোৱা নাই বুলি কয় দৈমাৰীয়ে। মিত্ৰতাত থকাৰ পিচতো মুখ্য মন্ত্ৰীয়ে বিৰোধি দলৰ দৰে আহি নিৰ্ব্বাচনি প্ৰচাৰত অংশগ্ৰহণ কৰাটো আচলতে প্ৰটকলত নপৰে । দল হিচাবে আহিব পাৰে তাত কবলগীয়া নাই। অহা বিধান সভা নিৰ্ব্বাচনৰ বাবে শংকিত হোৱা বুলিও কয়।

হিমন্তই ব্যাক্তিগত আখেজতে হাগ্ৰামাক আক্ৰমন কৰিছে। হাগ্ৰামাই হিমন্তৰ কথাত উঠ বহ নকৰাৰ বাবেই এনে কৰিছে বুলি কয় দৈমাৰীয়ে । তেওঁ আৰু কয় যে বিটিচিত আহি হিনম্তই হাগ্ৰামাৰ দুৰ্ণিতি তথা হিচাব বিচৰাৰ পুৰ্বে নিজে দুৰ্ণীতি মুক্ত হওক বুলি কয় । ডিমা হাছাওৰ এহেজাৰ কোটীৰ দুৰ্ণীতিত তেওঁ জড়িত,সাৰদা কেলেঙ্কাৰি, লুইবাৰ্গাৰ আদি বৃহৎ কেলেঙ্কাৰিত হিমন্তহে জড়িত গতিকে নিজে প্ৰথমে দুৰ্ণীতি মুক্ত হওক বুলি কয় অঞ্জলি দৈমাৰীয়ে। বিজনী সমষ্টীৰ বিধায়ক কমল সিং নাৰ্জাৰী সহ বিপিএফৰ বহু কেইজন কেন্দ্ৰীয় নেতা এই জন সভাত উপস্থিত থাকি ১৮ নং  মানাস সেৰফাং পৰিষদীয় সমষ্টীৰ বিপিএফৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ হৈ নিৰ্বাচনি প্ৰচাৰ চলায় । সভাত ইউপিপিএল,কংগ্ৰেছ,গণ সুৰক্ষা পাৰ্টী আদি দলৰ পৰা আহি বিপিএফত যোগদান কৰা কেবাশ লোকক আদৰণি জনায়।

Exit mobile version