অঘটনৰ বৰ্ষত আকাশৰ পৰা পৰিল অচিনাকি সামগ্ৰী

screen shot 2020 12 03 at 9 34 49 am

ঈশ্বৰৰ আশীৰ্বাদ নে আকৌ কোনো অঘটনৰ  ইংগিত ? নে আন গ্ৰহৰ পৰা অহা কোনো অশনি সংকেত ? ইউৰোপ আৰু আমেৰিকাত হঠাতে দৃশ্যমান হোৱা ‘মনোলিথ’ক লৈও এই সন্দৰ্ভত ক্ৰমে অধিক ৰহস্যৰ সৃষ্টি হৈছে । ক’ৰ পৰা আহিছে এই ধাতুৰ পাত ? অথবা পুনৰ নোহোৱা হৈ পৰিছেই বা কিদৰে ? এনে ধৰণৰ শতাধিক প্ৰশ্নৰে বিষয়টোক অধিক চৰ্চালৈ আনিছে ছ’চিয়েল মিডিয়াই । উত্তৰ লাভ নকৰা এনে‌ প্ৰশ্নৰ শেহতীয়াকৈ নতুন ৰূপত উদ্ৰেক ঘটিছে কেলিফ’ৰ্ণিয়াত ।

আমেৰিকাৰ উটাহ আৰু ইউৰোপৰ ৰোমানিয়াৰ পাছত এইবাৰ কেলিফ’ৰ্ণিয়াৰ পাহাৰত দেখিবলৈ পোৱা গ’ল মনোলিথ । স্থানীয় সংবাদ মাধ্যমৰ পৰা এই খবৰ প্ৰেৰণ কৰা হৈছে যদিও অধিক বিস্তাৰিত কোনো তথ্য প্ৰকাশ কৰিবলৈ সক্ষম হোৱা নাই । অৱশ্যে ছ’চিয়েল মিডিয়াৰ মাধ্যমত মনোলিথৰ ছবি অতি সোনকালেই ‘ভাইৰেল’ হৈ পৰিছে । কিন্তু কি এই মনোলিথ ? কিয়ই বা ইয়াক লৈ ইমান ৰহস্যৰ সৃষ্টি হৈছে । প্ৰিজম আকৃতিৰ এটি অতিকৈ স্বচ্ছ ধাতুৰ পাতৰ দৰে শক্তিশালী এই স্তম্ভ । যাক বৰ্তমান সময়ত মনোলিথ হিচাপে জনা যায় ।

২০২০ৰ এই অঘটনৰ বৰ্ষটোত যোৱা ১৮ নৱেম্বৰত প্ৰথমে আমেৰিকাৰ উটাহৰ পৰ্বতত ইয়াক দেখিবলৈ পোৱা যায় । পৰ্বতখনত ইমান স্বচ্ছ ধাতুৰ প্ৰিজম ক’ৰ পৰা আহিল প্ৰথমে তাক লৈ হৈ-চৈৰ সৃষ্টি হ’ল । কিন্তু এই হৈ-চৈ অধিক বৃদ্ধি পায় যেতিয়া ২৭ ডিচেম্বৰত মনোলিথ খণ্ড পুনৰ অন্তৰ্ধান হৈ পৰে । ইফালে, ৰোমানিয়াৰ পৱিত্ৰ পাহাৰত ২৬ নৱেম্বৰৰ নিশা মনোলিথ দেখিবলৈ পোৱা যায় । উটাহ আৰু ৰোমানিয়াত উদ্ধাৰ হোৱা মনোলিথ প্ৰায় একেধৰণৰ । ৰহস্যময় এই ধাতুৰ স্তম্ভবিলাক ১০ৰ পৰা প্ৰায় ১২ ফুট ওখ । তিনি কোণযুক্ত এই ধাতুৰ স্তম্ভ অতিকৈ স্বচ্ছ । ৰোমানিয়াত উদ্ধাৰ হোৱা এই ধাতুৰ পাতৰ স্তম্ভত কিছু নক্সাও আছে । উটাহৰ দৰে কিন্তু ৰোমানিয়াত উদ্ধাৰ হোৱা মনোলিথ বৰ্তমানলৈ অন্তৰ্ধান হোৱা নাই ।

এইবাৰ তৃতীয় মনোলিথ উদ্ধাৰ হৈছে কেলিফ’ৰ্ণিয়াস্থিত সৰু চহৰ এটচকাডোৰ এখন পাইনৰ পাহাৰত । ১০ ফুট ওখ আৰু ১৮ ইঞ্চি বহল তিনিকোণযুক্ত এই মনোলিথ অতিকৈ স্বচ্ছ । প্ৰতিটো কোণ অতি শক্তিশালীভাৱে সংলগ্ন । ঠিক ষ্টিলৰ ‘ফ্ৰেম’ সংলগ্ন কৰাৰ দৰে; কিন্তু এই মনোলিথ ক’ৰ পৰা আহিল তাৰ কোনো উত্তৰ এতিয়ালৈ লাভ কৰা হোৱা নাই । মনোলিথ উদ্ধাৰৰ এই ঘটনাই ১৯৬৮ৰ ষ্টেনলি কিউব্ৰিকৰ দ্বাৰা পৰিচালিত ক্লাছিক চলচ্চিত্ৰ ‘২০০১ঃ এ স্পেচ অ’ডিছী’ স্মৃতিক জগাই দিছে । অঘটনৰ এই বৰ্ষটোত এতিয়া এই কাণ্ড প্ৰকৃততে ঈশ্বৰৰ আশীৰ্বাদ নে অভিশাপ তাক লৈ সকলো জড়িত হৈ পৰিছে আলোচনাত । ইয়াৰ দ্বাৰা আন গ্ৰহৰ কোনোৱে বিশ্ববাসীৰ যোগাযোগৰে চেষ্টা চলোৱাৰো সন্দেহ কৰিছে একাংশই ।

Exit mobile version