দিল্লীলৈ যোৱা সকলোবোৰ পথ বন্ধঃ মংগলবাৰে প্ৰতিবাদী কৃষকসকলৰ ভাৰত বন্ধৰ আহ্বান

দিল্লীত প্ৰতিবাদ কৰি থকা কৃষকসকলে কেন্দ্ৰৰ বিৰুদ্ধে মংগলবাৰে সমগ্ৰ দেশজুৰি বন্ধৰ আহ্বান জনায় । তেওঁলোকে কয় যে, চৰকাৰৰ বিৰুদ্ধে থিয় দি তেওঁলোকে ৰাজধানীলৈ যোৱা সকলোবোৰ পথ বন্ধ কৰি দিব ।

প্ৰতিবাদী কৃষকসকলে এইটোও জনায় যে, তেওঁলোকে আঠ ডিচেম্বৰৰ ধৰ্মঘটত সমগ্ৰ দেশৰে ট’ল গেটবোৰো অৱৰোধ কৰিব আৰু ট’ল গেটবোৰৰ পৰা ট’ল সংগ্ৰহ কৰিব দিয়া নহ’ব । প্ৰতিবাদী দলৰ নেতা হৰিন্দৰ সিং লাখ’ৱালে সংবাদ মাধ্যমত কয়, ‘আৰু‌ অধিক লোকে আমাৰ আন্দোলনত যোগ দিব ।’

প্ৰতিবাদী কৃষক দলবোৰে কয় যে, দিল্লীত শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ অনুমতি প্ৰদান কৰাৰ পূৰ্বে যিসকল প্ৰতিবাদী কৃষকে যোৱা সপ্তাহত হাৰিয়ানাত পুলিচ ক্ৰেকডাউনত আহত হৈছিল সেইসকলে শনিবাৰে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিব ।

পাঞ্জাৱৰ জমহুৰি কৃষক সভাৰ সভাপতি সতনাম সিং অজনালাই শেহতীয়া এক সাক্ষাৎকাৰত কয়, ‘আমি দেখিছো যে চৰকাৰে ন্যূনতম সমৰ্থিত মূল্য, বিদ্যুৎ আৰু নড়া জ্বলোৱা জৰিমনাৰ পৰা ৰেহাই এই দাবী মানি লৈছে; কিন্তু কৃষি বিৰোধী আইন প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আমি প্ৰতিবাদ অব্যাহত ৰাখিম ।’

Exit mobile version