ভাৰত বন্ধৰ আহ্বান প্রতিবাদী কৃষকৰ

bharat bandh markets transport sector to remain open on december 8 say cait aitwa

পুৱা ১১ বজাৰ পৰা বিয়লি তিনি বজালৈ কাইলৈ ভাৰত বন্ধৰ আহ্বান জনাইছে। প্রতিবাদী কৃষকে কেন্দ্রীয় চৰকাৰে শেহতীয়াকৈ গ্ৰহণ কৰা ক’লা কৃষি আইনৰ প্রত্যাহাৰৰ দাবীত আহ্বান জনােৱা এই বন্ধৰ বিষয়ে এইদৰে সদৰী কৰে ভাৰতীয় কিষাণ ইউনিয়ন মুখপাত্রই। বিগত ১১ দিন ধৰি দিল্লীৰ সীমান্তত কৃষি আইনৰ বিৰুদ্ধে প্রতিবাদ কৰি আছে হেজাৰ হেজাৰ কৃষকে।

এই পর্যন্ত কেন্দ্ৰৰে আলােচনা ব্যর্থ হােৱাত ভাৰত বন্ধৰ আহ্বান জনাইছে প্রতিবাদী কৃষকে । ‘আমি সাধাৰণ ৰাইজৰ বাবে সমস্যা সৃষ্টি কৰিব বিচৰা নাই। সেয়ে আমি দিনৰ ১১ বজাৰ পৰা আৰম্ভ কৰিম যাতে তেওঁলােকে সময়মতে কার্যালয়ত উপস্থিত হ’ব পাৰে। তিনি বজালৈ কার্যালয়ৰ কর্মঘণ্টাৰ অন্ত পৰিব’ কিষাণ ইউনিয়নৰ মুখপাত্র ৰাজেশ টিকাইটে এইদৰে কয় চাকৰিয়ালসকলে কার্ড দেখুৱাই যাব পাৰিব।

ভাৰত বন্ধকালীন প্রতিবাদীসকলে পথ পৰিবহণ, বেংক সেৱা আদি অৱৰােধ কৰিব। অৱশ্যে এম্বুলেন্স আদি চলাচল কৰিব পাৰিব। বিবাহ যাত্রীকো ৰেহাই দিয়া হ’ব টিকাইতে কয়, ‘আমাৰ বিৰােধ । প্রদর্শনৰ বাবে ই প্রতীকি প্রতিবাদ হ’ব।চৰকাৰৰ কিছুমান নীতিত যে আমি সমর্থন নজনাও সেয়া দেখুৱাবলৈ এই প্রতিবাদ।

Exit mobile version