ছ’চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে এটা স্বয়ংক্ৰিয় ৰুটি তৈয়াৰী যন্ত্ৰ

download

কেন্দ্ৰৰ কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলৰ প্ৰতিবাদ বৰ্তমানেও অব্যাহত আছে । হেজাৰ হেজাৰ লোকে এই আন্দোলনৰ সমৰ্থন জনাইছে । চৰকাৰৰ স’তে আলোচনা চলি থকাৰ সময়তে কৃষকসকল ছিংঘু আৰু টিকৰি সীমান্তত শান্তিপূৰ্ণভাৱে শিবিৰ স্থাপন কৰিছে ।

তেওঁলোকে কে’বামাহজোৰা খাদ্য সামগ্ৰী লগত লৈ অহাৰ লগতে স্বয়ংক্ৰিয় ৰুটি তৈয়াৰ কৰা যন্ত্ৰও লগত লৈ আহিছে । এই যন্ত্ৰই ছ’চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ।

আন্দোলনৰত স্থানত দ্ৰুত আৰু সহজে ৰুটি তৈয়াৰ কৰিব পৰাকৈ এটা বৃহৎ যন্ত্ৰ স্থাপন কৰা হৈছে । সাধাৰণতে এনেধৰণৰ যন্ত্ৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰসহ গুৰুদ্বাৰসমূহত হেজাৰ হেজাৰ লোকৰ বাবে লংগৰৰ খাদ্য তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

খালচা এইড ফাউণ্ডেছনে কৃষকসকলক লঘু আহাৰ আৰু পানীৰ যোগান ধৰিছে । ফাউণ্ডেছনৰ পৰিচালক অমৰপ্ৰিত সিঙে শেহতীয়াকৈ এক সাক্ষাৎকাৰত প্ৰকাশ কৰে যে, খাদ্যৰ ব্যৱস্থাৰ বাহিৰেও ফাউণ্ডেছনে ‌মহিলাসকলৰ বাবে ২০টা মোবাইল টয়লেট স্থাপন কৰিছে যাতে কৃষকসকলে শিবিৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় ।

দিল্লী গুৰুদ্বাৰ কমিটিয়ে জনোৱা অনুসৰি, ‘যন্ত্ৰটোৰ ভিতৰত জুইৰ সহায়ত ৰুটি তৈয়াৰ কৰা হয় । যন্ত্ৰটোৱে ঘণ্টাৰ ভিতৰতে দুহেজাৰ ৰুটি তৈয়াৰ কৰিব পাৰে ।’

Exit mobile version