পেনচিলভেনিয়াৰ নিৰ্বাচনক লৈ ট্ৰাম্পে কৰা আবেদন খাৰিজ আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ

DONALD TRUMP LIST SEPT29

নিৰ্বাচনৰ ফলাফলক লৈ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আবেদন খাৰিজ কৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে । আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাস্ত হোৱাৰে পৰা ভোটত কাৰচাজীৰ অভিযোগ ইত্থাপন কৰিছিল ট্ৰাম্পে । নিৰ্বাচনৰ ফলাফলৰ প্ৰমাণপত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ ট্ৰাম্পে আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত ।

কিন্তু ট্ৰাম্পৰ আবেদন মংগলবাৰে খাৰিজ কৰা হয় । আমেৰিকাৰ বিচাৰকসকলে অৱশ্যে এই ৰায় দানৰ বিষয়ে ব্যাখ্যা কৰা নাই । ২০২০ৰ নিৰ্বাচনত পৰাস্ত হোৱাৰ পাছতো হাৰ স্বীকাৰ কৰিব বিচৰা নাই ট্ৰাম্পে । জ’ বাইডেন আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতো হাৰ স্বীকাৰ কৰিব নিবিচাৰে ট্ৰাম্পে।

বৰঞ্চ ভোটৰ ফলাফল ওলোৱাৰ পাছত ট্ৰাম্প আৰু তেওঁৰ সমৰ্থকসকলে ভোটৰ ফলাফলক লৈ আমেৰিকাৰ ভিন্ন আদালতত গোচৰ ৰোজো কৰে । ট্ৰাম্পে কৰা এনে ৫০টা প্ৰত্যাহ্বান বাতিল কৰিছে ভিন্ন আদালতে । এইবাৰ উচ্চতম ন্যায়ালয়টো মুখ ঠেকেচা খালে ট্ৰাম্পে ।

Exit mobile version