বাক্সাৰ ভোটেপোৱাবড়ীত অবড়োৰ প্ৰতিবাদী কাৰ্যসূচীঃ সমূহীয়া মুণ্ডন

WhatsApp Image 2020 12 09 at 6.36.32 PM

৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াক কালি কোকৰাঝাৰত কোকৰাঝাৰ আৰক্ষীয়ে এক অভিযোগ তুলি গ্ৰেপ্তাৰ কৰা আৰু নিশাটো আৰক্ষী থানাতে ৰাখি থোৱাৰ প্ৰতিবাদত আজি বাক্সাৰ ভোটেপোৱাবড়ীত অবড়ো সুৰক্ষা সমিতিৰ বাক্সা জিলা সমিতিয়ে গ্ৰহণ কৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৷

ভাৰত-ভূটান সংযোগী ভোটেপোৱাবড়ী চ’কত সাংসদগৰাকীক গ্ৰেপ্তাৰ কৰা এই অপমানৰ প্ৰতিবাদত অবড়ো সুৰক্ষা সমিতিৰ পুৰুষ মহিলা সমন্বিতে প্ৰায় দেৰ শতাধিক কৰ্মী সমবেত হৈ অবড়ো সুৰক্ষা সমিতি জিন্দাবাদ,নৱ কুমাৰ শৰণীয়া জিন্দাবাদ, হেমপ্ৰভা বাইদেউ জিন্দাবাদ আদি ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে ৷

আনহাতে এই কাৰ্যসূচীত বাক্সা জিলা অবড়ো সুৰক্ষা সমিতিৰ কে’বাগৰাকীও নেতাই সমূহীয়া মুণ্ডণ কৰি সাংসদগৰাকীক গ্ৰেপ্তাৰৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বাক্সা জিলা অবড়ো সুৰক্ষা সমিতিৰ নেতা সুভাষ দাসে ৰাজনৈতিক ষড়যন্ত্ৰৰে সাংসদ নৱ কুমাৰ শৰণীয়াক কেতিয়াও নিঃশেষ কৰিব নোৱাৰে বুলি কৈ সকলো অবড়ো ৰাইজ সকলো সময়তে সাংসদগৰাকীৰ লগত আছে বুলি সংবাদ মাধ্যমক কয় ৷

ইফালে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুছলপুৰত এপাত চাবিৰে ষ্ট্ৰং ৰূমৰ ২৫ টাকৈ তলা খোলা কাৰ্যক ধিক্কাৰ জনাই বিটিচি নিৰ্বাচনৰ সকলো ষ্ট্ৰং ৰূমৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও প্ৰশাসনক দাবী জনায় বাক্সা জিলা অবড়ো সুৰক্ষা সমিতিয়ে ৷

Exit mobile version