২০২৪ৰ পেৰিছ অলিম্পিকত অন্তর্ভুক্ত কৰা হ’ব ব্রেকডেন্স

1280 160136453 break dance

পেৰিছ অলিম্পিকত নতুনকৈ অন্তর্ভুক্ত কৰা হৈছে ব্রেকডেন্স। চার্ফিং, স্কেটবডিং তথা স্পৰ্টছ ক্লাইম্বিক ইতিমধ্যে টকিঅ’ অলিম্পিকৰ বাবে অন্তর্ভুক্ত কৰা হৈছে। ২০২৪ত এই তিনিবিধ খেলৰ লগতে ব্রেকড়েন্সকো খেল হিচাপে খেলােৱা হ’ব। কালি এই কথা সদৰী কৰি অলিম্পিক কমিটীৰ তৰফৰ পৰা কোৱা হয় যে খেলত লিংগ বৈষম্য দূৰ কৰা তথা তৰুণ প্রজন্মৰ মাজত অলিম্পিকক অধিক জনপ্রিয় কৰি তােলাৰ উদ্দেশ্যেৰেই ব্রেকডেন্সক নতুন খেলৰূপে তালিকাভুক্ত কৰাৰ সিদ্ধান্ত লােৱা হৈছে।

যােৱাটো শতিকাৰ ৬০ আৰু ৭০ দশকত আমেৰিকাত ‘হিপহপ সংস্কৃতিৰ অংগৰূপে ব্রেকডেন্স বিখ্যাত হৈ পৰিছিল। বিশেষকৈ নিউয়র্কত দুটা গােষ্ঠীৰ মাজত স্থান দখলক লৈ সৃষ্টি হােৱা বিবাদ মীমাংসা কৰাৰ সময়ত এনে নৃত্য দেখিবলৈ পােৱা গৈছিল। ২০১৮ৰ যুৱ অলিম্পিকত ব্রেকডেঙ্গক অন্তর্ভুক্ত কৰা হৈছিল।ইয়াৰ পাছতে অলিম্পিকৰ মূল মঞ্চত এই নৃত্যৰ প্ৰৱেশৰ পথ প্রায় সুগম হৈ পৰে। আমেৰিকাৰ ব্রেকডেন্স শিল্পীসকলে এই নৃত্যক অন্তর্ভুক্ত কৰাৰ বাবে অলিম্পিক কমিটীক ধন্যবাদ জ্ঞাপন কৰিছে।এই সন্দৰ্ভত খেলুৱেসকলে কয়, ‘অলিম্পিকত খেল হিচাপে অন্তর্ভুক্ত কৰাত এই নৃত্যই নতুন এক স্বীকৃতি লাভ কৰিলে।

ফলত ই অধিক জনপ্রিয় হৈ উঠিব। অলিম্পিকে এনে কিছু দর্শক লাভ কৰিব যিসকলে পূর্বে হয়তাে প্রচলিত খেলবিলাকক লৈ অধিক আগ্রহী নাছিল। অলিম্পিকত ব্রেকডেন্সৰ ক্ষেত্ৰত বিশেষভাৱে দৃষ্টি দিয়া হ’ব মূলতঃ নৃত্যৰ ধৰণ, শৰীৰক ঘূৰাব পৰা ক্ষমতা, দুভৰিৰ যাদু তথা একোটি বিশেষ ভংগিমাত হঠাতে ৰৈ যাব পৰাৰ সক্ষমতাক। অলিম্পিক কমিটীয়ে সম্প্রতি কৰ’না পৰিৱেশৰ বাবে কম ব্যয়বহুল খেলৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰিছে ব্রেকডেন্সৰ দৰে খেল অতি কম ব্যয়ৰ মাজত সম্পন্ন কৰাটোও সম্ভৱ।

মহিলা আৰু পুৰুষ প্রতিযােগীৰ ক্ষেত্ৰত সমসংখ্যক নীতিক অনুসৰণ কৰিব অলিম্পিক কমিটীয়ে। পেৰিছ অলিম্পিকত সকলাে দেশৰ মিলাই চাৰে ১০ হেজাৰ প্রতিযােগীয়ে অংশগ্রহণ কৰিব পাৰিব। টকিঅ’ অলিম্পিকতকৈ এই সংখ্যা পাঁচ শতাধিক কম হ’ব। চলিত বৰ্ষত অনুষ্ঠিত হ’বলগীয়া টকিঅ’ অলিম্পিক কৰ’না সংক্ৰমণৰ বাবে স্থগিত ৰখা হৈছে। ২০২১ত টকিঅ’ অলিম্পিক অনুষ্ঠিত কৰিবলৈ সম্প্রতি নতুন সূচী প্রস্তুত কৰা হৈছে।

Exit mobile version