বিশ্বৰ প্ৰভাৱশালী মহিলাৰ তালিকাত সীতাৰমণসহ তিনি ভাৰতীয়

Nirmala Sitharaman India

বিশ্বৰ সবাতােকৈ প্ৰভাৱশালী মহিলাৰ শীর্ষ এশগৰাকীৰ মাজত স্থান পালে তিনিগৰাকী ভাৰতীয়ই। আমেৰিকাৰ
ফ’ব আলােচনীয়ে প্রকাশ কৰা এই তালিকাত ভাৰতীয় মহিলাসকলৰ ভিতৰত সবাতােকৈ প্ৰভাৱশালী হৈছে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ। শীর্ষ এশজনীয়া তালিকাত স্থান পােৱা আন দুগৰাকী ভাৰতীয় হৈছে ৰােছনি নাডাৰ মালহােত্রা আৰু কিৰণ মজুমদাৰ শ্ব’ ।

এই তালিকাৰ শীৰ্ষত আছে জার্মানীৰ চেঞ্চেলৰ এঞ্জেলা মার্কেল। দ্বিতীয় স্থান অক্ষুন্ন ৰাখিছে। ইউৰােপীয়ান চেলে বেংকৰ অধ্যক্ষা ক্রিষ্টিনা ল’গার্ডে। আনহাতে, আমেৰিকাৰ ভাবী উপ ৰাষ্ট্রপতি কমলা হেৰিছে তালিকাৰ তৃতীয় স্থান অধিকাৰ কৰিছে। ফ’বছ আলােচনীৰ মতে, বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ বিত্তমন্ত্রীৰ পদত থকাৰ সুবাদত স্বাভাৱিকতেই সীতাৰমণ চুড়ান্ত প্রভাৱশালী।

তাৰ লগতে তেওঁ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰাে আস্থাভাজন। প্ৰভাৱশালী মহিলাৰ তালিকাত সীতাৰমণ আছে ৪১নম্বৰত। আনহাতে, এইছচিএল কর্পোৰেচনৰ মুখ্য কাৰ্যবাহী বিষয়া মালহােত্রাৰ হাততে ন্যস্ত আছে সংস্থাটোৰ সকলাে গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণৰ অধিকাৰ। তেওঁ লাভ কৰিছে ৫৫ সংখ্যক স্থান। সেইদৰে তালিকাৰ ৬৮ নম্বৰত থকা মজুমদাৰ শ্ব’ হৈছে দেশৰ ‘ছে মেড’ মহিলা উদ্যোগপতিসকলৰ ভিতৰত সবাতােকৈ ধনী।

তেওঁৰ মালিকানাধীন বায়’কন হৈছে এছিয়াৰ অন্যতম বৃহৎ ঔষধ প্রস্তুতকাৰী কোম্পানী। প্রথম এশগৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত আছে আন দুগৰাকী ভাৰতীয় বংশােদ্ভৱ মহিলা। ইয়াৰ ভিতৰত শীঘ্রেই আমেৰিকাৰ উপ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হ’বলগীয়া হেৰিছে তালিকাত তৃতীয় স্থান পাইছে। তেওঁ হ’ব আমেৰিকাৰ প্ৰথমগৰাকী মহিলা উপ ৰাষ্ট্রপতি। সেইবাবেই হেৰিছে তালিকাৰ ওপৰৰ ফালে স্থান পাইছে।

আনগৰাকী ভাৰতীয় বংশােদ্ভৱ মহিলা হৈছে।সংযুক্ত আৰব আমিৰশ্বাহীৰ লেণ্ডমার্ক গ্রুপৰ অধ্যক্ষা তথা মুখ্য কাৰ্যবাহী বিষয়া ৰেণুকা জাগটিয়ানি। তেওঁ তালিকাৰ ৯৮ নম্বৰত স্থান পাইছে। পূর্বে কংগ্ৰেছ নেত্রী ছােনিয়া গান্ধীয়ে এই তালিকাত সততে ওপৰৰ ফালে স্থান পাইছিল কিন্তু ফ’বছৰ সপ্তদশ তালিকাত কংগ্ৰেছৰ সভানেত্রীয়ে প্রথম এশৰ পৰা বাহিৰ হয়। বিগত ১০ বছৰ ধৰি এই তালিকাৰ শীর্ষস্থান অক্ষুন্ন ৰাখিছে জার্মান চেঞ্চেলৰ মার্কেলাই।

Exit mobile version