‘কা’ বিৰোধী আন্দোলনৰ ছহিদ আব্দুল আলীমৰ প্ৰথম মৃত্যু বাৰ্ষিকী

cd9bdc42 550f 4c98 9cc5 d2d18122240e

‘কা’ বিৰোধী আন্দোলনৰ ছহিদ আব্দুল আলীমৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু হলংবাৰী ৰাইজৰ সহযোগত আজি ছহিদ গৰাকীৰ সমাধিক্ষেত্ৰত দিন যোৰা কাৰ্যসূচীৰে ছহিদ দিৱস পালন কৰা হয়।ছহিদ দিৱসৰ কাৰ্যসূচী অনুসৰি দিনৰ ১১ বজাত পতাক উত্তোলন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিক্ষা সম্পাদক বাবুল হুছেইনে ৷ বিয়লি ২ বজাত আয়োজন কৰা মুকলি সভাত অংশ গ্ৰহণ কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ যুটীয়া সম্পাদক দেবব্ৰত শইকীয়াই ‘কা’ৰ বিৰুদ্ধে সৰৱ হৈ বিজেপি নেতৃত্বাধীন চৰকাৰে দেশত হিটলাৰী শাসন চলাইছে বুলি অভিযোগ কৰে ।

ছাত্ৰ নেতা গৰাকীয়ে সভাত কয় যে , বিজেপিয়ে অসমত বিদেশী নাগৰিকৰ দ্বাৰা নিজৰ ভোট বেংক গঢ়ি তুলিবলৈ জাতি ধ্বংসী ‘কা’ জাপি দিছে। এই সত্যৰ প্ৰতিবাদ কৰিবলৈ যাওঁতে আব্দুল আলীমৰ দৰে পাঁচ গৰাকী যুৱকক গুলিয়াই কুকুৰ মেকুৰীৰ দৰে হত্যা কৰিছে ৷ এইখন চৰকাৰে গণতন্ত্ৰক ভৰিৰে মোহাৰি প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ কিমান পৰ্যায়লৈ নামিব পাৰে সেই কথা ৰাইজে উপলব্ধি কৰিবলৈ বাকী নাই৷বিজেপি চৰকাৰৰ জনসাধাৰণৰ প্ৰতি দায়িত্বজ্ঞান বোলা কোনো কথা নাই। আব্দুল আলীমৰ দৰে ছহিদ সকলক আজি পৰ্য্যন্ত চৰকাৰীভাৱে ছহিদ বুলি ঘোষণা কৰাৰ দূৰৰে কথা মৃত্যুৰ খৱৰ ল’বলৈও নাহিল।

কেবল ক্ষমতাৰ ৰাগিত মাতাল হৈ জনতাৰ বাক স্বাধীনতাও খৰ্ব কৰিবলৈ লৈছে। আজি চৰকাৰৰ বিৰুদ্ধে কিবা ক’লে ৰাষ্ট্ৰদ্ৰোহ গোচৰ ৰুজু কৰে। বিজেপি চৰকাৰক ৰাইজে যদি ২০২১ত উৎখাত নকৰে তেতিয়া হ’লে অসমবাসী ৰাইজে ইয়াতকৈও ভয়াবহ দিনৰ বাবে সাজু হৈ থাকিব লাগিব বুলিও উল্লেখ কৰে ৷সমাজ কৰ্মী গজেন্দ্ৰ নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ছহিদ আব্দুল আলীমৰ পিতৃ লাল মামুদ, জে বি কৃষাণ মহাবিদ্যালয়ৰ অধ্যক্ষ চক্ৰধৰ ডেকা,বাঘমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অঞ্জন কলিতাৰ লগতে সভাখনত ৰাইজৰ দলৰ বজালী জিলা কমিটীৰ আহ্বায়ক গুৰু প্ৰসাদ দাস, মাধৱ দাসকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷

Exit mobile version