ৰজনীকান্ত সন্মত হ’লে জোঁটবন্ধনত আপত্তি নাইঃ কমল হাছন

63365166

ৰাজনৈতিক মতাদৰ্শৰ মিল হ’লে প্ৰয়োজন সাপেক্ষে ৰজনীকান্তৰ স’তে হাত মিলাবলৈও সন্মত কমল হাছন । মংগলবাৰে দক্ষিণৰ চুপাৰষ্টাৰ হাছনে জনায় যে, জনসাধাৰণৰ স্বাৰ্থত ৰজনীকান্তৰ স’তে সহযোগ কৰাত আপত্তি নাই তেওঁৰ ।

ইয়াৰ পূৰ্বে তামিল ৰাজনীতিত ৰজনীৰ স’তে যোগ হৈ কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল হাছনে। কিন্তু এই ক্ষেত্ৰত ৰজনীৰ সিদ্ধান্তও আৱশ্যকীয় বুলি কয় তেওঁ । মংগলবাৰে হাছনে টুইট কৰে, ‘এই সন্দৰ্ভত ৰজনীয়ে মত প্ৰকাশ কৰক । প্ৰয়োজন হ’লে আমি পৰস্পৰক সহযোগ কৰিম । মই আগতেও কৈছো, ইয়াত নতুনকৈ ক’ব লগা একো নাই ।’

হাছনৰ এই ইচ্ছাত ৰজনীয়ে সন্মতি জনালে সাম্প্ৰতিক কালত তামিল ৰাজনীতিৰ আটাইতকৈ বৃহৎ ঘটনা হ’ব বুলি মত প্ৰকাশ কৰে একাংশ ৰাজনৈতিক নেতাই । লগতে জয়ললিতা আৰু কৰুণানিধিৰ মৃত্যুৰ পাছত তামিল ৰাজনীতিত যি শূণ্য স্থানৰ সৃষ্টি হৈছে সেয়াও পূৰ্ণ হ’ব বুলি মত পোষণ কৰে তেওঁলোকে ।

ৰাজনীতিৰ পথাৰত দক্ষিণ চলচ্চিত্ৰৰ দুই চুপাৰষ্টাৰৰ জোঁটবন্ধন হ’ব নে নাই সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই । হাছনৰ দৰেই হাত মিলোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল ৰজনীকান্তে । বিগত নৱেম্বৰত ৰজনীকান্তে কয়, ‘তামিলৰ উন্নয়নৰ স্বাৰ্থত যদি এনে পৰিস্থিতিৰ সৃষ্টি হয় কমল হাছনৰ স’তে হাত মিলাম ।’

যদিও জোঁটবন্ধনৰ পথত বহুতো প্ৰতিবন্ধকতা আছে এই সন্দৰ্ভত হাছনৰ মন্তব্য, ‘ৰাজনৈতিক আদৰ্শ লৈ তেওঁৰ কথাতেই মান্তি হৈ যাব নোৱাৰি । এই সন্দৰ্ভত তেওঁলোকে বিশদ ব্যাখ্যা দিব লাগিব । ৰাজনীতিত কিয় আহিছো ইয়াৰ পূৰ্বেও কৈছো, আমি পৰিৱৰ্তন বিচাৰিছো ৰজনীকান্ন্তেও পৰিৱৰ্তন বিচাৰে ।’

Exit mobile version