ছিংঘু সীমান্তত প্ৰতিবাদী কৃষকৰ আত্মহত্যা

Sant Baba Ram SIngh

উচ্চতম ন্যায়ালয়ে কৈছিল যে, দিল্লীৰ সীমান্তত কৃষকসকলৰ প্ৰতিবাদ অতি শীঘ্ৰেই ‘জাতীয় বিষয়’ হৈ পৰিব । কালিয়ে কৃষকসকলৰ প্ৰতিবাদে নতুন ৰূপ ল’লে । দিল্লী-হাৰিয়ানাৰ ছিংঘু সীমান্তত কালি সন্ধিয়া সন্ত ৰাম সিঙে নিজকে গাড়িত গুলিয়াই আত্মহত্যা কৰে ।

সন্ধিয়া প্ৰায় চাৰে চাৰি বজাত তেওঁক গুলিবদ্ধ অৱস্থাত পানীপটৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । দিল্লী শিখ গুৰুদ্বাৰা প্ৰবন্ধক কমিটিৰ অধ্যক্ষ মনজিন্দৰ সিঙে কয় যে, কৃষকসকলৰ দুৰ্দশা সহ্য কৰিব নোৱাৰি সন্ত ৰাম সিঙে আত্মহত্যা কৰিছে ।

আত্মঘাতী হোৱাৰ পূৰ্বে তেওঁ এখন কাগজত লিখিছিল, ‘মই কৃষকসকলৰ অধিকাৰ নিশ্চিত কৰাৰ যুঁজৰ বেদনা অনুভৱ কৰিব পাৰিছো । কৃষকসকলৰ ওপৰত কৰা অত্যাচাৰৰ এয়াই মোৰ প্ৰতিবাদ । অন্যায় কৰাও পাপ, অন্যায় সহ্য কৰাও পাপ । কৃষকসকলক সহযোগ কৰিবলৈ কিছু সংখ্যক লোকে তেওঁলোকৰ পুৰষ্কাৰ চৰকাৰক উভতাই দিছে । মই নিজৰ জীৱন ত্যাগ কৰিছো‌।’ এই ঘটনাই কৃষকসকলৰ আন্দোলন অধিক তীব্ৰতৰ কৰি তুলিছে ।

ৰাহুল গান্ধীয়ে প্ৰয়াত সন্তৰ প্ৰতি শ্ৰদ্ধা জনাই টুইটাৰত লিখে, ‘বহু কৃষকে জীৱন ত্যাগ কৰিছে । মোদী চৰকাৰৰ ক্ৰুৰতাই সকলো সীমা অতিক্ৰম কৰিছে । জীদ এৰক আৰু অনতি পলমে কৃষি আইন বাতিল কৰক ।’

পঞ্জাব-হাৰিয়ানাৰ ৰাজনৈতিক নেতাসকলে মত প্ৰকাশ কৰে যে, হাৰিয়ানাৰ বাহিৰেও সন্ত ৰাম সিঙৰ বহু ভক্ত আছে । এতিয়া কৃষকসকলৰ আন্দোলন অধিক তীব্ৰতৰ হ’ব । এই পৰিস্থিতিত অৱশ্যে চিৰছা আৰু কৃষক নেতাসকলে সকলোকে শান্ত হৈ থাকিবলৈ কৈছে । আজি কৃষি আইন সংশোধনৰ প্ৰস্তাৱ খাৰিজ কৰিবলৈ লিখিতভাৱে চৰকাৰক জনায় কৃষকসকলে ।

Exit mobile version