দিল্লীত ক’ভিড ভেকচিন দিয়াৰ প্ৰশিক্ষণৰ আৰম্ভণি কেজৰিৱালৰ

46e3ad6e 8966 4882 b95d c8676ffa8e4c d9cedddf 0c7f 4182 9fb0 9b228ec3b68d thumbnail

দিল্লীত কৰ’না ভেকচিন দিবৰ বাবে স্বাস্থ্যকৰ্মীসকলক প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছে অৰবিন্দ কেজৰিৱাল চৰকাৰে । বজাৰত ভেকচিন মুকলি কৰাৰ পাছতে যিসকল স্বাস্থ্যকৰ্মীয়ে সাধাৰণ লোকক ভেকচিন দিব তেওঁলোকক প্ৰশিক্ষণ দিয়া হ’ব । এই তালিকাত প্ৰায় ৩৫০০ স্বাস্থ্যকৰ্মী অন্তৰ্ভুক্ত হৈ আছে ।

চৰকাৰে মৌলানা আজাদ মেডিকেল কলেজৰ তিনিজন চিকিৎসকক ‘ভেকচিন অফিচাৰ’ হিচাপে চিহ্নিত কৰিছে । তেওঁলোকে পৰৱৰ্তী পৰ্যায়ৰ বিষয়াসকলক প্ৰশিক্ষণ দিব । এই বিষয়াসকলে আকৌ জিলাস্তৰৰ স্বাস্থ্যকৰ্মীসকলক কৰ’না ভেকচিন দিবলৈ প্ৰশিক্ষণ দিব ।

মৌলানা আজাদ মেডিকেল কলেজৰ কমিউনিটি প্ৰধান চিকিৎসক প্ৰজ্ঞা শৰ্মাই কয় যে, এই স্বাস্থ্যকৰ্মীসকলে প্ৰশিক্ষণ লৈ জিলা স্তৰত প্ৰশিক্ষণ প্ৰদান কৰিব । লগতে তেওঁ কয় যে, দিল্লীত মুঠ ৬০৯ টা ‘ক’ল্ড চেইন পইণ্ট’ আছে । যি পইণ্টবোৰৰ ওপৰত ভিত্তি কৰি কৰ’না ভেকচিন প্ৰদানৰ শিবিৰ স্থাপন কৰা হ’ব ।

সেয়ে মুখ্যমন্ত্ৰী কেজৰিৱালে মত পোষণ কৰে যে, এই ক্ষেত্ৰত বিপুল সংখ্যক লোক অংশগ্ৰহণৰ প্ৰয়োজন হ’ব । কেন্দ্ৰীয় স্তৰত প্ৰায় তিনি লাখ আৰু দিল্লীত প্ৰায় ৩৫০০ লোকৰ প্ৰয়োজন হ’ব । এই কৰ্মীসকলৰ কাৰ্য বিভিন্ন স্তৰত ভাগ কৰা থাকিব । এজন প্ৰথম পৰ্যায়ৰ বিষয়াই সকলোবোৰ তথ্য পৰ্যৱেক্ষণ কৰিব । দ্বিতীয় পৰ্যায়ৰ বিষয়াই নথি-পত্ৰত দৃষ্টি ৰাখিব । তৃতীয় পৰ্যায়ৰ বিষয়াই ভিৰ নিয়ন্ত্ৰণ কৰিব । চতুৰ্থ পৰ্যায়ৰ বিষয়াই আক্ৰান্তক ভেকচিন দিয়াৰ পাছত আধা ঘণ্টাৰ বাবে  পৰ্যৱেক্ষণ কৰিব, শৰীৰত কোনো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নেকি ।

 

Exit mobile version