সকলোৰে বাবে একেই হওক বিবাহ বিচ্ছেদৰ আইন

p5 1

‘একক বিবাহ বিচ্ছেদ’ (ইউনিফৰ্ম ডিভ’ৰ্ছ ল) আইন আবেদন সন্দৰ্ভত শুনানি কৰিব উচ্চতম ন্যায়ালয়ে । আবেদনত জাতি, ধৰ্ম নিৰ্বিশেষে বিবাহ বিচ্ছেদৰ এটাই আইন অনাৰ বিষয়ে উল্লেখ কৰা হৈছে । ক্ষতিপূৰণৰ মাত্ৰাতো সাম্যতা আনিবলৈ আবেদন কৰা হৈছে । সেই আবেদনৰ শুনানিত শীৰ্ষ আদালতে মত পোষণ কৰে যে, আইন সলনি কৰিলে দেশৰ ঐক্যতা আৰু সাম্যতা অটুট থাকিব ।

অধিবক্তা অশ্বিণী কুমাৰ উপাধ্যায়সহ বহু কেইগৰাকী অধিবক্তাই মুখ্য ন্যায়ধীশ এছ এ ব’বডে, এ এছ বোপান্না আৰু ৰাম সুব্ৰহ্মণ্যমৰ ডিভিছন বেঞ্চত আবেদন কৰিছিল । এই আবেদনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ আইন কমিচনক পদক্ষেপ ল’বলৈ কোৱাৰো সম্ভাৱনা আছে । ইতিমধ্যে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰিপ’ৰ্টো বিচাৰিছে শীৰ্ষ ন্যায়ালয়ে ।

তিনি তালাকৰ প্ৰসংগও উত্থাপন হৈছে ন্যায়ালয়ত । আবেদনকাৰীসকলে মত প্ৰকাশ কৰে যে, ধৰ্ম ভেদে ভিন্ন ভিন্ন বিচ্ছেদ আইন থকাৰ বাবে মহিলাসকলৰ ক্ষেত্ৰত সঠিক বিচাৰৰ পথত বাধাৰ সৃষ্টি হৈছে । এই মতকেই সমৰ্থন কৰে ন্যায়ালয়ে ।

আবেদনটো উল্লেখ কৰা হৈছে, ‘কেন্দ্ৰীয় চৰকাৰে যেন ধৰ্ম নিৰ্বিশেষে বিবাহ বিচ্ছেদ বিষয়ত ক্ষতিপূৰণ ইত্যাদিৰ বাবে একক আইন প্ৰস্তুত কৰে । বিচ্ছেদ আইনৰ ভিন্নতাৰ ফলত সংবিধানৰ ধাৰা ১৪, ১৫, ২১ আৰু ৪৪ৰ বহুবাৰ উলংঘা হৈছে, এই‌ ক্ষেত্ৰত ন্যায়ালয়ে ধ্যান দিয়া উচিত ।’

এই প্ৰসংগত শীৰ্ষ ন্যায়ালয়ৰ বেঞ্চে প্ৰশ্ন উত্থাপন কৰে, ‘কোনো ব্যক্তিগত আইনত অন্তৰ্ভুক্ত নোহোৱাকৈ কেন্দ্ৰই বিবাহ বিচ্ছেদৰ আইনৰ অসাম্যতা কেনেকৈ আঁতৰ কৰিব?’ ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰো মতামত বিচাৰিছে ।

Exit mobile version