বোকাজান মহকুমাৰ অসম-নগালেণ্ড সীমান্তত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী  অজন্তা নেওগৰ স্থিতিয়ে কংগ্ৰেছক অস্বস্তিত পেলাইছে-দেবব্ৰত শইকীয়া

81003fa1 c74b 4e5a a9d4 134cb122fad4

পাহাৰীয়া জিলা কাৰ্বি আংলংৰ দলদলি সংৰক্ষিত বনাঞ্চলত নগাৰ অসমৰ ভূমি আগ্ৰাসন সন্দৰ্ভত বুজ লবলৈ আজি অসম নগালেণ্ড সীমান্তত উপস্থিত হয় বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। উল্লেখ্য যে অসম নগালেণ্ড সীমান্তৰ দপদপনিৰ সংৰক্ষিত বনাঞ্চলৰ নগালোকে অসমৰ ভূমি বে-দখল কৰাৰ লগতে গছ গছনি কাটি তহিলং কৰাৰ খবৰ লাভ কৰি পৰিদৰ্শনৰ বাবে উপস্থিত হয়হি দুই কংগ্ৰেছী নেতা।

এই বিৰোধী নেতাদ্বয়ৰ মন্তব্য যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি শাসিত ৰাজ্য চৰকাৰ আৰু তুলিৰাম ৰংহাং নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চৰকাৰখনে এই দলদলি সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি ষ্টেডিয়াম আৰু হস্পিতাল নিৰ্মাণ কৰাৰ অভিসন্ধি ৰচনা কৰিছে।

মৰিয়নিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে বিজেপি চৰকাৰৰ দিনতেই অসম নগালেণ্ড সীমান্তত সীমা নিৰ্দ্ধাৰণৰ বাবে পোতা পকী পিলাৰবোৰ আতৰাই অসমৰ বিজেপি নেতা আৰু নগালেণ্ডৰ বিজেপি নেতাৰে মিলি গোপন বুজাবুজি কৰি অসমৰ ভূমি আগ্ৰাসনৰ কৌশল ৰচনা কৰিছে।

ইপিনে এ আই ডি ইউ এফৰ লগত মিত্ৰতাৰ বাবেই বিটিচি নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় অন্যতম কাৰণ বুলি কুৰ্মীয়ে উল্লেখ কৰে ৷আনহাতে, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত কয় যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ আৰু তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিষদীয় চৰকাৰখনৰ চকুৰ সন্মুখতেই নগা লোকে অসমৰ ভূমি আগ্ৰাসন নীতি অব্যাহত ৰাখিছে। সেয়েহে তেওঁ শীঘ্ৰে মুখ্যমন্ত্ৰীগৰাকীক এই ক্ষেত্ৰত এক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাই অসম নগালেণ্ড সীমান্তৰ পৰাই সকীয়াই দিয়ে।

ইয়াৰ উপৰি বিৰোধী দলপতিগৰাকীয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ গোলাঘাটৰ কংগ্ৰেছী বিধায়িকা অজন্তা নেওগৰ প্ৰসংগত কয় যে তেওঁ বিজেপিলৈ যাব বুলি ইয়াৰ পূৰ্বেও সংবাদ মাধ্যমত শুনিবলৈ পাইছে । এই ক্ষেত্ৰত তেওঁৰ স্থিতি তেওঁ নিজেই সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰাতো উচিত।

কাৰণ অজন্তা নেওগৰ মুখলৈ চায়েই বৰ্তমানেও গোলাঘাটত কংগ্ৰেছী কৰ্মীসকলে দলৰ সাংগঠনিক কাম কাজ কৰি গৈছে। নেওগৰ এনে স্থিতিয়ে কংগ্ৰেছক অস্বস্তিত পেলাইছে বুলি তেওঁ উল্লেখ কৰে ৷আনহাতে সৰুপথাৰৰ বিধায়িকা ৰ’জলীনা তিৰ্কীৰ ক্ষেত্ৰতো তেনে কথা ওলাইছে যদিও সেইয়া সত্য নহয় বুলি তেওঁ সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

Exit mobile version