ইটালী পুনৰ লকডাউনৰ পথত

https cdn.cnn .com cnnnext dam assets 190829095552 italian prime minister giuseppe conte file

বৰদিন আৰু নৱবৰ্ষ কাষ চাপি অহাৰ লগে লগে ইটালী পুনৰ লকডাউনৰ পথত অতিক্ৰম কৰিছে ।

প্ৰধানমন্ত্ৰী জুছেপে ক’ণ্টে কয়, ‘এইটো সহজ সিদ্ধান্ত নহয় । কিন্তু, বিশেষজ্ঞসকলে সতৰ্কবাণী দিছে যে, এই সময়ত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে সংক্ৰমণ এবাৰতে অধিক বৃদ্ধি পাব । সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’

চলিত মাহৰ শেষৰ ফালে ইটালীত ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হ’ব । কিন্তু ইয়াৰ পূৰ্বেই উৎসৱৰ বতৰত শংকাকুল পৰিৱেশৰ সৃষ্টি কৰিব বিচৰা নাই ইটালী চৰকাৰে । কাণ্টে কয়, ‘ভেক্সিনেচন কাৰ্যসূচী আৰম্ভ হ’লেই এই দুঃস্বপ্নৰ দিন শেষ হ’ব ।’

লগতে তেওঁ কয় যে, সম্প্ৰতি তিনি পৰ্যায়ৰ লকডাউন ঘোষণা কৰা হৈছে । নিষেধাজ্ঞা জাৰি থাকিব ২৪-২৭ ডিচেম্বৰ, ৩১ ডিচেম্বৰৰ পৰা তিনি জানুৱাৰী আৰু পাঁচ-ছয় জানুৱাৰী লৈকে । এই সময়ত প্ৰয়োজন সাপেক্ষেহে গৃহৰ বাহিৰত ওলাব পাৰিব দেশবাসী । উৎসৱ পালনৰ বাবে দুজনতকৈ অধিক লোকক আমন্ত্ৰণ দিব নোৱাৰিব গৃহত । তেওঁলোকৰ বয়স‌‌ অৱশ্যে ১৪ বছৰৰ উৰ্দ্ধত হ’ব লাগিব । কাৰ্ফিউ অব্যাহত থাকিব নিশা ১০ বজাৰ পৰা পুৱা পাঁচ বজালৈকে ।

কান্তে জনায় যে, ২৮-৩০ ডিচেম্বৰ আৰু চাৰি জানুৱাৰীত নিষেধাজ্ঞা কিছু শিথিল কৰা হ’ব । সেই সময়ত গৃহৰ বাহিৰত যাব পাৰিব দেশবাসী কিন্তু ৰেষ্টোৰা, বাৰ বন্ধ থাকিব ।

ইটালীৰ লগতে বৰদিন উপলক্ষে জাৰ্মানী, নেদাৰলেণ্ডসহ বহুকেইখন ইউৰোপীয় দেশে সংক্ৰমণ ৰোধ কৰিবৰ বাবে লকডাউনৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

ক’ভিড-১৯ অতিমাৰিৰ ফলত মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক ইটালীত । প্ৰায় ৬৮ হেজাৰ লোকে প্ৰাণ হেৰুৱাইছে ইটালীত ।

Exit mobile version