ভাৰতত কোটিৰ ঘৰ অতিক্ৰম কৰিলে কৰ’না আক্ৰান্তই

merlin 176156211 15f45eac 560a 404b 952a d012266259c2 superJumbo

কৰ’না আক্ৰান্তৰ তালিকাত কোটিৰ ঘৰ অতিক্ৰম কৰি আমেৰিকাৰ পাছত দ্বিতীয় স্থান লাভ কৰিছে ভাৰতে । কিন্তু আমেৰিকাৰ তুলনাত ভাৰতত মৃত্যুৰ হাৰতকৈ সুস্থতাৰ হাৰ অধিক । মাৰ্কিন যুক্তৰাষ্ট্ৰত যি দ্ৰুত গতিত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে তাৰ তুলনাত ভাৰতত‌ সংক্ৰমণৰ গতি বহুত স্তিমিত । বিগত সপ্তাহজুৰি দৈনিক সংক্ৰমণ ২৫ হেজাৰ বা তাৰো তলত পোৱা গৈছে ।

আজি স্বাস্থ্য মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ২৫ হেজাৰ ১৫২ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে । ফলত মুঠ কৰ’না আক্ৰান্তৰ হাৰে কোটিৰ ঘৰ অতিক্ৰম কৰিছে । সম্প্ৰতি মুঠ আক্ৰান্তৰ সংখ্যা ১,০০,০৪,৫৯৯ জন । মুঠ মৃত্যুৰ সংখ্যা এক লাখ ৪৫ হেজাৰ ১৩৬ জন ।

৩৪ খন ৰাজ্য বা কেন্দ্ৰশাসিত অঞ্চলৰ সুস্থতাৰ হাৰ ৯০ শতাংশৰো অধিক । দেশৰ সৰ্বাধিক সুস্থতাৰ হাৰ প্ৰায় ৯৫.৪০ শতাংশ । সম্প্ৰতি ভাৰতৰ মুঠ কৰ’না জয়ীৰ সংখ্যা ৯৫ লাখ ৫০ হেজাৰ ৭১২ জন । যোৱা ২৪ ঘণ্টাত ১১ লাখৰো অধিক লোকৰ কৰ’না পৰীক্ষণ কৰা হৈছে । মুঠ কৰ’না পৰীক্ষণ কৰা হৈছে ১৬ কোটিৰো অধিক লোকৰ । সক্ৰিয় সংক্ৰমিতৰ সংখ্যা হৈছে তিনি লাখ আঠ হেজাৰ ৭৫১ জন ।

Exit mobile version