ক্ৰিকেট উন্মাদ দেশ ভাৰতবৰ্ষৰ বাবে শোকৰ বিষয় যে টেষ্ট ক্ৰিকেটত নিজ ইনিংছত সৰ্বকালৰ সৰ্বনিম্ন ৰান কৰিলে ভাৰতীয় দলে । ভাৰতীয় দলৰ প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগে ভাৰতীয় দলৰ বিৰক্তিকৰ বেটিং পৰিৱেশনক ট্ৰ’ল কৰি টুইট কৰে ।
কোনো ভাৰতীয় বেটছমেনেই দ্বিসাংখ্যিক ৰান কৰিব নোৱাৰে আৰু চেহৱাগে দলটোক অ’টিপি (ওৱান টাইম পাছৱৰ্ড)ৰ স’তে তুলনা কৰি সৰ্বকালৰ নিকৃষ্টতম বেটিং পৰিৱেশন আৰু ইয়াক কোনেও মনত ৰাখিব নিবিচাৰে বুলি মন্তব্য কৰে ।
ছেহৱাগে মাইক্ৰ’ ব্লগিং ছাইট টুইটাৰত লিখে, ‘এটি পাহৰিবলগীয়া অ’টিপি ৪৯২০৪০৮৪০৪১’ ।
The OTP to forget this is 49204084041 .#INDvsAUSTest
— Virender Sehwag (@virendersehwag) December 19, 2020
প্ৰথম ইনিংছত ৫৩ ৰানেৰে লিড কৰি থকাৰ পাছত ভাৰতীয় দল শৃংখলাবদ্ধ হৈ আছিল । অষ্ট্ৰেলিয়াৰ ফাষ্ট ব’লাৰ জ’শ হেজলউড আৰু পেট কিউমিনছৰ যৌথ পৰিৱেশনত ভাৰতৰ বেটিঙৰ দুৰ্যোগ ঘটে।
দ্বিতীয় দিনৰ খেলৰ অন্তত ৬২ ৰানেৰে আগবাঢ়ি থকা ভাৰতীয় দলটোৱে তেওঁলোকৰ নিশাৰ নম্বৰত মাত্ৰ ২৭ৰান যোগ কৰিব পাৰে ।