বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে IGP ক বিশেষ পত্ৰ প্ৰেৰণ কৰি সকলো নিৰাপত্তা বাহিনী এৰি দিয়া পিছত আৰক্ষীৰ আলাই আথানি পৰিবেশ।
হাগ্ৰামা মহিলাৰীৰ বাহগৃহৰ প্ৰাংগণত তথা বাটত ৰৈ থাকিব লগীয়া হৈছে আৰক্ষী সকল। নিশা ৯.৪২ বজালৈ আৰক্ষী বাহিনীক লৈ যাবলৈ আৰক্ষী অধীক্ষক তথা আই জি পি ফালৰ পৰা কৰা নাই বাহনৰ ব্যবস্থা।
পুলিচ ৰিজাৰ্ভলৈ ৬ কিলোমিটাৰ দূৰত্বৰ ৰাস্তা।
হাগ্ৰামা মহিলাৰীৰ বাসগৃহত থকা প্লাটুনটোৰ দায়িত্বত থকা ২০ আই আৰ আৰক্ষী বাহিনীৰ বিষয়া গৰাকীয়ে জনায় যে জিলা আৰক্ষী অধীক্ষকক জনোৱাত ব্যৱস্থা কৰি আছো বুলি জনায় যদিও অদ্যাপি কোনো বিহিত ব্যৱস্থা কৰা নাই বুলি ৷
যোৱা পৰহি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (নিৰাপত্তা) গৰাকীয়ে আহি বৰ্তমান মহিলাৰীৰ বাসগৃহত থকা ২৩ গৰাকী নিৰাপত্তাৰ ভিতৰত ১১ জন কমাই দিয়া হব বুলি জনাৰ পাছত তেওঁৰ বাসগৃহত থকা নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী জোৱান সকলক তেখেতৰ বাসগৃহ ত্যাগ কৰিবলৈ কোৱাত আৰক্ষীৰ দলটো এতিয়া পথতে থাকিব লগীয়া হৈছে ৷