চিৰাঙৰ ভাৰত-ভূটান সীমান্তত প্ৰমোদ বড়ো, নদীৰ পানী খাই থকা অঞ্চল ভ্ৰমণ কৰি খোৱাপানীৰ ব‍্যৱস্থাৰ আস্বাস

WhatsApp Image 2020 12 22 at 4.14.36 PM

হাগ্ৰামাৰ নাটক চোৱাৰ সময় নাই, নিৰাপত্তা লয় নলয় তেওঁৰ নিজৰ কথা : প্ৰমোদ বড়ো

 

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত প্ৰমোদ বড়ো। সীমান্তৰ দাদগিৰি অঞ্চলৰ লাউক্ৰীগুৰি গাঁওৰ লোকে স্বাধীনতাৰ ৭৪ বছৰ পিচতো নদীৰ পানী খাই জীয়াই থাকিব লগীয়া হৈছে। আজি ৰাতিপুৱা বিটিচিৰ মুখ্য কাৰ্য্যবাহি সদস্য প্ৰমোদ বড়ো আৰু কাৰ্যবাহি সদস্য ৰঞ্জিত বসুমতাৰী( বি আৰ ফেৰেঙ্গা)ই অঞ্চলটো ভ্ৰমন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অতিশীঘ্ৰেই খোৱা পানীৰ ব্যৱস্থা কৰাৰ কথা জনায় । চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত উপস্থিত হৈ স্বাস্থ্য,শিক্ষা,পানী আৰু কৃষিখণ্ডত অধিক প্ৰধান্যৰে প্ৰথমে এই সমুহ কাম কৰাৰ চেষ্টা কৰিম বুলি মন্তব্য কৰে প্ৰমোদ বড়োয়ে ।

আনহাতে সোমবাৰে নিশা বাক্সা জিলাৰ দিহিৰা সমষ্টীত বিজেপি কৰ্মীক গুলিয়াই হত্যা কৰা ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি দোষীক শাস্তিৰ ব্যৱস্থা কৰাৰ কথাও উল্লেখ কৰে প্ৰমোদ বড়োৱে ।এই ধৰণৰ সিংহাত্মক কাৰ্য্যক প্ৰশ্ৰয় দিয়া নহব বুলিও মন্তব্য বড়োৰ ।

প্ৰমোদ বড়োই হাগ্ৰামা মহিলাৰীৰ নিৰাপত্তা ৰক্ষী সন্দৰ্ভত প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে ,হাগ্ৰামাৰ এই নাটক চাবলৈ আমাৰ সময় নাই আমি ৰাইজৰ কাম কৰিবলৈ আহিছো কাম কৰি যাম। নিৰাপত্তা লয় নলয় সেয়া তেওঁৰ নিজৰ কথা। মুঠতে এইটো ভাল কথা হোৱা নাই নিৰাপত্তাৰক্ষী সকলো মানুহ আৰু তেওঁৰ নিৰাপত্তাৰ বাবেই আহিছিল তেওঁলোক ।

Exit mobile version