সন্মুখত বৰদিন ‘এঘৰীয়া’ কৰা হ’ল ব্ৰিটেইনক

new coronavirus strain UKcovid 19 2

ব্ৰিটেইন-আমেৰিকাত ক’ভিড ভেকচিন প্ৰদান কৰা আৰম্ভ কৰা হৈছে । ইয়াৰ মাজতেই আৰম্ভ নতুন কৰ’নাৰ আতংক । সন্মুখত বৰদিন প্ৰায় ‘এঘৰীয়া’ কৰা হ’ল ব্ৰিটেইনক । বিগত এবছৰত ক্ৰমাগত নিজৰ ৰূপ সলনি কৰিছে নভেল কৰ’নাভাইৰাছে । বৰ্তমান পৃথিৱীত কৰ’না ভাইৰাছৰ হেজাৰটা প্ৰজাতি আছে ।

কিন্তু ব্ৰিটেইনত পোৱা নতুন প্ৰজাতিটোক লৈ‌ আতংকৰ সৃষ্টি কৰাৰ প্ৰয়োজন নাই কাৰণ প্ৰজাতিটোৰ ১৪টা ‘মিউটেছন’ ঘটিছে । ইয়াৰে সাতটা পৰিৱৰ্তন ঘটিছে ভাইৰাছৰ স্পাইকত । যিয়ে ভাইৰাছৰ সংক্ৰমণৰ ক্ষমতা প্ৰায় ৭০ শতাংশ বৃদ্ধি কৰিছে ।

এই ভাইৰাছৰ উৎসস্থল কিন্তু ব্ৰিটেইন নহয় । চলিত বৰ্ষৰ এপ্ৰিলত প্ৰথমে ইয়াক পোৱা গৈছিল । দক্ষিণ আফ্ৰিকাত সংক্ৰমণ বৃদ্ধিৰ আঁৰতো আছে এই প্ৰজাতি । ব্ৰিটেইনত ছেপ্টেম্বৰত ধৰা পৰিছিল এই প্ৰজিটোৰ আৰু ডিচেম্বৰত ইয়াক চৰকাৰীভাৱে ঘোষণা কৰে । ইয়াৰ পাছতেই দেশখনক প্ৰায় ‘বয়কট’ কৰিছে সমগ্ৰ ইউৰোপে ।

কালিৰ পৰাই সকলোবোৰ যাত্ৰীবাহী বিমান বাতিল কৰিছে নেদাৰলেণ্ড, বেলজিয়াম, ছুইজাৰলেণ্ড, জাৰ্মানী, ইটালী, আইৰিচ ৰিপাব্লিকে । আজিৰে পৰা যোগাযোগ বন্ধ কৰাৰ ঘোষণা কৰিছে হংকং, কানাডা আৰু ভাৰতেও ।

ডোভাৰ বন্দৰত কালিৰ পৰা বিশৃংখলতাৰ সৃষ্টি হৈছে । হঠাৎ ৪৮ ঘণ্টাৰ বাবে ব্ৰিটেইন সীমান্ত বন্ধ কৰি দিয়ে ফ্ৰান্সে । অষ্ট্ৰেলিয়াইও নিষেধাজ্ঞা জাৰি কৰিছে । আটাইতকৈ কাঢ়া পদক্ষেপ গ্ৰহণ কৰিছে বুলগেৰিয়াই । কালি নিশাৰ পৰাই ৩১ জানুৱাৰী পৰ্যন্ত ব্ৰিটেইনলৈ অহা-যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ।

এই পৰিস্থিতিত জৰুৰীকালীন বৈঠকৰ আমন্ত্ৰণ জনাইছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে । ব্ৰিটেইনৰ পৰিস্থিতিক লৈ ইউৰোপীয় ইউনিয়নৰ দেশবোৰেও ব্ৰাচেলছত জৰুৰীকালীন আলোচনাত মিলিত হ’ব ।

সকলোবোৰ নীতি-নিয়ম পালন কৰাৰ পাছতো ব্ৰিটেইনত নতুনকৈ ৩৫,৯২৮ জন লোক সংক্ৰমিত হয় । বিগত এসপ্তাহৰ তুলনাত দুগুণ । কালি ৩২৬ জনৰ মৃত্যু হয় এই ভাইৰাছৰ ফলত । ইয়াকে লৈ ব্ৰিটেইনৰ মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৬৭,৪০১ জন ।

এই পৰিস্থিতিৰ বাবে নতুন প্ৰজাতিটোক দোষাৰোপ কৰি স্বাস্থ্যমন্ত্ৰী মেট হেনককে কয়, ‘সকলোবোৰ নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে ।’ অৰ্থনৈতিক অৱস্থাও দুৰ্বল হৈ পৰিছে ব্ৰিটেইনৰ । বৰদিনৰ বন্ধত বাতিল হোৱা ৰেলৰ টিকটৰ মূল্য যাত্ৰীসকলক উভতাই দিয়াৰ নিৰ্দেশ দিছে চৰকাৰে ।

সম্প্ৰতি অনুমোদন পত্ৰ লাভ কৰা ফাইজাৰে আশাৰ ৰেঙনি আনিছে । বিশেষজ্ঞসকলৰ অনুসৰি, এই ভেকচিনে এণ্টিব’ডিৰ সৃষ্টি কৰিব । ই সামগ্ৰিক স্পাইক প্ৰ’টিনটোক নাশ কৰিব । ফলত স্পাইক প্ৰ’টিনৰ মিউটেছনত ভেকচিনৰ কাৰ্যকৰীতা নকমিব । ইয়াৰ পৰীক্ষণো কৰা হৈছে বুলি দাবী কৰে বিশেষজ্ঞসকলে ।

এই সন্দৰ্ভত একাংশই দাবী কৰে যে, ভাইৰাছৰ মিউটেছন পৰিচিত বিষয় । ইনফ্লুৱেঞ্জাৰ ক্ষেত্ৰতো একেই সমস্যাৰ সৃষ্টি হয় । সময়ৰ সোঁতত উন্নত কৰিব লাগিব ভেকচিনটো ।

Exit mobile version