ব্ৰিটেইনত কৰ’নাৰ নতুন প্ৰজাতিক লৈ অতিৰিক্ত উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই বুলি কয় বিশ্ব স্বাস্থ্য সংস্থা (হু)ই । হু-ৰ আপাতকালিন মুৰব্বী মাইকেল ৰায়ানে সংবাদ মেলত কয়, ‘ইয়াতকৈও অধিক মাত্ৰাত সংক্ৰমণ দেখিছো এই অতিমাৰিত । সেইবোৰ আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছো । সেয়েহে নতুন পৰিস্থিতি হাতৰ বাহিৰত গুচি গৈছে বুলি ভবাৰ কোনো প্ৰয়োজন নাই । কিন্তু এই বিষয়ত নিস্তব্ধ হৈ থকাও সঠিক নহ’ব ।’
বহুতেই দাবী কৰে যে কৰ’নাৰ এই নতুন প্ৰজাতি পূৰ্বৰ তুলনাত ৭০ শতাংশ দ্ৰুত সংক্ৰামক । ইয়াতেই আতংকৰ সৃষ্টি হৈছে । এই প্ৰসংগত সোমবাৰে হু-এ কয়, ‘ক’ভিডৰ নতুন প্ৰজাতিৰ ফলত দ্ৰুতভাৱে সংক্ৰমণ হ’লেও পৰিস্থিতি নিয়ন্ত্ৰণত আছে ।’
ইংলেণ্ড, দক্ষিণ-পূৱ আৰু পূৱ ইংলেণ্ডত কৰ’নাৰ নতুন প্ৰজাতি ধৰা পৰে ছেপ্তেম্বৰত । ব্ৰিটিছ স্বাস্থ্যমন্ত্ৰী মেট হেনককে কয় যে, ক’ভিডৰ নতুন প্ৰজাতিৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে । ইয়াৰ পাছতেই ইউৰোপসহ বিশ্বৰ বহুকেইখন দেশে ব্ৰিটেইনৰ পৰা অহা বিমানক নিষেধাজ্ঞা জাৰি কৰিছে ।
হু-ৰ আপাতকালিন মুৰব্বী ৰায়ানে কয়, ‘আমি যি পদক্ষেপ গ্ৰহণ কৰিছো সেইটোৱে সঠিক । অধিক সতৰ্কতাৰে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব আমি । যাতে এই নতুন প্ৰজাতিটোক নিয়ন্ত্ৰণত ৰাখিব পাৰি ।’