ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হয় এই বিশাল সভা ।
অসম গণ পৰিষদৰ সভাত উপস্থিত থাকে অগপ সভাপতি অতুল বৰা, অগপ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া লগতে অগপ অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঞি লগতে অগপ বহু কৰ্মী ।
এই সভাত ঢকুৱাখনা মহকুমাৰ হেজাৰ হেজাৰ লোকৰ সমাগম হয় ।
ADVERTISEMENT
ঢকুৱাখনা বিধানসভা সমষ্টিত এইবাৰ অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থী নিক্ষেপ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়া নাই, যদিও সভাখনৰ বক্তৃতাৰ পৰা অনুমান কৰিব পাৰি এইবাৰ ঢকুৱাখনা বিধানসভাৰ পৰা অসম গণ পৰিষদে প্ৰাৰ্থী নিক্ষেপ কৰিব ।