প্রতিমা বৰুৱা পাণ্ডে স্মাৰক ২০২০ বঁটা নাট্য শিল্পী পবিত্র ৰাভালৈ

13b57580 3df5 436c a979 b66b2ec02d5c

ওদালগুৰি জিলাৰ টংলাৰ নাট্য শিল্পী পবিত্র ৰাভাক গােৱালপৰীয়া লােকগীতৰ সাম্রাজ্ঞী পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান । প্রতিবছৰে সদৌ অসম ছাত্ৰ সন্থাই এই বঁটা প্ৰদান কৰি আহিছে অসমৰ লােককৃষ্টিৰ সংৰক্ষণ আৰু প্ৰসাৰত বৰঙণি আগবঢ়োৱা এগৰাকী ব্যক্তিক।

ছাত্ৰ সন্থাৰ সভাপতি শ্রীদীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শ্ৰীশংকৰজ্যোতি বৰুৱাই এই কথা সদৰি কৰি কয় ২৭ ডিচেম্বৰত শিল্পী গৰাকীৰ মৃত্যুৰ দিনটোত গুৱাহাটী চানমাৰীৰ শ্বহীদ উদ্যানত থকা প্রতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমুর্তি স্থলীত দিনৰ ১০-৩০ বজাত নাট্য শিল্পী পবিত্র ৰাভাক এই বঁটা আনুষ্ঠানিকভাবে প্রদান কৰা হ’ব।

Exit mobile version