কি যুক্তিত কটা হ’ল হেজাৰ হেজাৰ আপেল গছ ?

gc1i1o4c kashmir apple orchards kashmir apple trees kashmir

দেশৰ বিভিন্ন প্ৰান্তত বিতৰ্কিত কৃষি আইনৰ প্ৰভাৱ পৰিছে । কৃষকসকলৰ স’তে কেন্দ্ৰৰ কে’বা পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পাছতো কোনো সমাধান পোৱা নগ’ল । নতুন কৃষি আইনৰ যি দিশসমূহক লৈ কৃষকসকলৰ আপত্তি, ইয়াৰ ভিতৰত অন্যতম ন্যূনতম সমৰ্থিত মূল্য । শস্যৰ ন্যূনতম সমৰ্থিত মূল্যৰ বিষয়ে মাত মতাৰ সুযোগ পাইছে কৃষকসকলে । কিন্তু ন্যূনতম সমৰ্থিত মূল্য বিচৰাৰ সুযোগেই নাই কাশ্মীৰৰ আপেল ৰোপণ কৰা কৃষকসকলৰ ।

কে’বা দশকজুৰি অক্লান্ত পৰিশ্ৰম কৰি কৃষকসকলে যি আপেল‌ বাগান প্ৰস্তুত কৰিছিলে সেই আপেল বাগান‌ এতিয়া চৰকাৰী বুলড’জাৰৰ তলত । কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে জম্মু-কাশ্মীৰৰ প্ৰশাসনৰ নিৰ্দেশত উপত্যকা অঞ্চলৰ ১০ হেজাৰ আপেল গছ কাটি পেলোৱা হয় ।

যোৱা বছৰ ৰাজ্যৰ বিশেষ মৰ্য্যদা বিলোপনৰ পাছতে সমগ্ৰ দেশৰ পৰাই প্ৰায় বিচ্ছিন্ন কাশ্মীৰ উপত্যকা । ইয়াৰ প্ৰভাৱ পৰ্যটনৰ ওপৰতো পৰিছে । স্থানীয় বাসিন্দাসকলে বংশগত পৰম্পৰা‌ অনুসৰি আপেল বাগানৰ পৰিচৰ্যাতেই মন দিছিল যাতে শীত কালত কিছু ধন উপাৰ্জন‌ কৰিব পাৰি ।

মধ্য কাশ্মীৰৰ বদগাম জিলাৰ কানিদাজানসহ কাষৰীয়া অঞ্চলসমূহৰ পৰাই আৰম্ভ হৈছিল আপেল গছ নিধন কাৰ্য । সেই অঞ্চলত গুৰ্জৰ আৰু বাখৰৱাল এই দুই মুছলিম যাযাবৰ গোষ্ঠীয়ে বাস কৰে । উভয় জাতিয়ে ১৯৯১ত টফছিলি উপজাতি হিচাপে স্বীকৃতি লাভ কৰে । তেওঁলোকৰ আপেল বাগানতেই নিধন কাৰ্য চলায় বন বিভাগে । লোকসকলে মাটিৰ ঘৰ বনাই বাস কৰিছিল, সেইবোৰো ভাঙি পেলোৱা হৈছে ।

স্থানীয় বাসিন্দা আব্দুল গনি ৱাগে (৬০) কয় যে, কোনো জাননী নিদিয়াকৈয়ে নৱেম্বৰ মাহত আপেল গছ নিধন কাৰ্য আৰম্ভ কৰা হয় । শ্ৰীনগৰৰ পৰা ৫০ কিলোমিটাৰ দূৰত ডেৰ বিঘা ভূমি আছে আব্দুলৰ । তাতেই তেওঁ খেতি কৰে । আব্দুলৰ অভিযোগ, ১০ নৱেম্বৰ পুৱা তেওঁ ঘৰত থকাৰ সময়তে হঠাৎ এদল লোকে কোৰ-কোঠাৰ লৈ তেওঁৰ বাগানত উপস্থিত হয় । তেওঁ বাগানত গৈ দেখে আৰক্ষী আৰু চি আৰ পি এফৰ তত্বাৱধানত নিৰ্বিচাৰে গছ কাটি পেলাইছে বন বিভাগৰ লোকজনে ।

লগতে তেওঁ কয় যে, বাগানখনত ৫০ জোপা আপেল গছ আছিল । ইয়াৰ ওপৰতেই তেওঁৰ পৰিয়াল নিৰ্ভৰশীল । তেওঁৰ সাতজনী কন্যা সন্তান আছে । কন্যা সন্তানকেইজনীৰ ভৱিষ্যৎকলৈ আৰক্ষীৰ ওচৰত অনুনয়-বিনয় কৰে তেওঁ; কিন্তু একো লাভ নহয় ।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, কাশ্মীৰ উপত্যকাত যোৱা ১০ নৱেম্বৰত বন বিভাগৰ ৫০ জন অধিকাৰীৰ তত্বাৱধানত প্ৰায় ১০ হেজাৰ আপেল গছ কাটি পেলোৱা হয় । গাঁৱৰ মূৰব্বী আহসানে জনায় যে, গছ কটাৰ বিৰোধিতা কৰিবলৈ বহু স্থানীয় লোকেই আগবাঢ়ি আহিছিল । কিন্তু চৰকাৰী কামত বাধা প্ৰদান কৰিলে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰোজো কৰা হ’ব বুলি পিছ হুহুকিবলৈ বাধ্য কৰা হয় । মহম্মদ আহসানে আক্ষেপ কৰি কয়, ‘আপেল গছৰ ডাল অত্যন্ত সৰু আৰু নৰম । কুঠাৰৰ এক ঘাপো সহ্য কৰাৰ ক্ষমতা নাই ।’

কাশ্মীৰৰ আপেল বাগানবোৰ বন বিভাগৰ ভূমিত নিৰ্মাণ কৰা হৈছে বুলি দাবী কৰে চৰকাৰে । বহু বছৰ পূৰ্বৰ পৰাই সেই ভূমিত আপেল খেতি কৰি আহিছে গুৰ্জৰ আৰু ৰাখৰৱালসকলে । গুৰ্জৰ-ৰাখৰৱালসহ ১০ লাখৰো অধিক টফছিলি উপজাতি আৰু বনবাসীসকলে অৰণ্যৰ অধিকাৰ আইন ভোগ কৰি আহিছে । অৰ্থাৎ অৰণ্যত বসবাস কৰাৰ লগতে ব্যৱসায়ৰো অধিকাৰ আছে তেওঁলোকৰ । আইনীভাৱে মালিকীস্বত্বও ভোগ কৰে তেওঁলোকে ।

এখন দেশতে থকা স্বত্বেও জম্মু-কাশ্মীৰত বৰ্তমানেও এই আইন জাৰি হোৱা নাই । যোৱা বছৰ কাশ্মীৰৰ উপত্যকাৰ বাবে সংৰক্ষিত সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত ১৫৫ টা কেন্দ্ৰীয় আইন জাৰি কৰি দিয়া হয় । সেইসময়ত অৰণ্যৰ অধিকাৰ আইন কাৰ্যকৰী কৰা হ’ব বুলিও আশ্বাস দিছিল জম্মু-কাশ্মীৰ প্ৰশাসনে ।

উপত্যকাৰ মুখ্য সচিব বি ভি আৰ সুব্ৰহ্মন্যমে কয়, ‘২০২১ৰ ১৫ জানুৱাৰীৰ ভিতৰত সমীক্ষা সম্পূৰ্ণ হ’লে মাৰ্চৰ পৰাই উপত্যকাত অৰণ্যৰ অধিকাৰ আইন‌ কাৰ্যকৰী কৰা হ’ব ।’ কিন্তু আইন কাৰ্যকৰী হোৱাৰ পূৰ্বেই হেজাৰ হেজাৰ আপেল গছ নিধন কৰাৰ লগতে ঘৰ-বাৰী উচ্ছেদ কৰি দিয়া হয় ।

Exit mobile version