ছাহৰুখৰ পুত্ৰৰ স’তে ঘনিষ্ঠ এমএমএছ ভাইৰেল নব্যাৰ

navya

বচ্চন, কপোৰ আৰু নন্দা বলিউডৰ ৰথি-মহিৰথি পৰিয়ালৰ উত্তৰসূৰী নব্যা । ফলত প্ৰথমৰ পৰাই ষ্টাৰকিড হিচাপে নব্যা নবেলি হৈ আহিছে চৰ্চাৰ বিষয় ।

অন্য নৱপ্ৰজন্মৰ দৰেই নব্যাও ছ’চিয়েল মিডিয়াত নিজৰ ফটো ছেয়াৰ কৰি ভাল পায় । কৰ’বাত নহয় কৰ’বাত ছ’চিয়েল মিডিয়াৰ প’ষ্ট যোগে নিজৰ ব্যক্তিগত জীৱন উদঙাই দিয়া হয় । নব্যাৰ ক্ষেত্ৰতো সেইটোৱে হ’ল ।

ফিল্ম ইণ্ডাষ্ট্ৰিৰ আন এক প্ৰথম শাৰীৰ ষ্টাৰকিড আৰিয়ন খানৰ স’তে নব্যাৰ সম্পৰ্কৰ উৰাবাতৰি বিয়পি পৰিছে । ছুপাৰষ্টাৰ অমিতাভৰ নাতিনী আৰু কিংখান ছাহৰুখৰ পুত্ৰ দুয়োজনেই ছ’চিয়েল মিডিয়াৰ প্ৰ’ফাইলত নিজৰ বহু কেইখন ফটো ছেয়াৰ কৰিছে ।

এই উৰাবাতৰিত ইন্ধনৰ যোগান ধৰে এটা এমএমএছে । একাংশ ৰাজনৈতিক নেতাই দাবী কৰে যে, সেই ভিডিঅ’ ক্লিপত ঘণিষ্ঠ ৰূপত দেখা গৈছে নব্যা আৰু আৰিয়নক ।

কিন্তু প্ৰমাণিত হয় যে, এমএমএছ ক্লিপত তেওঁলোক নাছিল আৰু এমএমএছটোও জালি আছিল ।

নব্যা আৰু আৰিয়নৰ পৰিয়াল বৰ্গই এই সন্দৰ্ভত কোনো ধৰণৰ মত প্ৰকাশ নকৰে ।

২৩ বছৰীয়া নব্যাৰ মাতৃ স্বেতা অমিতাভ বচ্চনৰ পুত্ৰী । নব্যাৰ পিতৃ জীৱিকাসূত্ৰে ব্যৱসায়ী । চলিত বৰ্ষতেই নিউয়ৰ্কৰ ফ’ৰ্ডহেম ইউনিভাৰ্ছিটিৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে নব্যাই । সম্প্ৰতি এক ভিডিঅ’ত মানসিক স্বাস্থ্য সংক্ৰান্ত সমস্যা আৰু চিকিৎসা গ্ৰহণৰ বিষয়েও প্ৰকাশ কৰিছে তেওঁ ।

নব্যাই জনাই যে, অতিৰিক্ত উদ্বেগ হ্ৰাস কৰিবৰ বাবে তেওঁক থেৰাপিৰো প্ৰয়োজন হয় ।

আৰিয়নে লণ্ডনৰ ছেভেন অ’ক্স স্কুলত স্কুলিয়া শিক্ষা গ্ৰহণ কৰে আৰু আমেৰিকাৰ ইউনিভাৰ্ছিটি অৱ ছাদাৰ্ন কেলিফ’ৰ্ণিয়াৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে ।

২০০১ত আৰিয়নে শিশুশিল্পী হিচাপে ‘কভি খুচি কভি গম’ ফিল্মত অভিনয় কৰিছিল । নব্যাৰ মাতৃ স্বেতাই কয় যে, আগন্তুক দিনত নব্যাই অভিনয় জীৱন আৰম্ভ কৰাৰ কোনো সম্ভাৱনা নাই ।

Exit mobile version