শনিবাৰে অনুষ্ঠিত হোৱা এখন কেবিনেট বৈঠকত মধ্য প্ৰদেশৰ চৰকাৰে লাভ জিহাদৰ বিৰুদ্ধে freedom of religious bill ২০২০ স্বীকৃতি প্ৰদান কৰিছে।
আজি অনুষ্ঠিত হোৱা বৈঠকখনত এই ‘freedom of religious’ bill ২০২০ ক মঞ্জুৰী দিবলৈ ইতিমধ্যে ইয়াৰ লাগতিয়াল কাম কাজ সম্পন্ন কৰিছে মধ্য প্ৰদেশৰ চৰকাৰে।
আগন্তুক বিধানসভাৰ শীতকালীন অধিবেশনত লাভ জিহাদৰ বিৰুদ্ধে প্ৰস্তুত এই ‘freedom of religious bill’ ২০২০ খন বিধানসভাত উত্থাপন কৰা হ’ব ।
লাভ জিহাদৰ বিৰুদ্ধে উত্থাপিত এই বিল খন বিধানসভাত গৃহীত হোৱাৰ পাছতে আইনলৈ পৰিণত হ’ব ।বৈঠকৰ অন্তত মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰুত্তম মিশ্ৰৰ মন্তব্য অন্য ৰাজ্যৰ তুলনাত মধ্য প্ৰদেশৰ এইখন লাভ জিহাদ আইন হব অধিক কঠোৰ। আনহাতে এই আইন ভংগকাৰীৰ সকলৰ বাবে হ’ব ১০বছৰ কাৰদণ্ড।