কৰ’নাৰ নতুন প্রজাতিৰ সংক্ৰমণৰ মাজতে পালিত হ’ল বৰদিন। বিশ্বৰ বিভিন্ন প্রান্তত সাজি-কাঁচি ওলাল ছান্টা ক্লজ। পূৰ্বৰ দৰেই ছান্টা শিশুসকলক আকর্ষিত কৰিব পৰাকৈ বিভিন্ন ৰূপ ধাৰণ কৰিলে। কোনেজন যদি স্লেজত উঠি আহিল আন কোনােজনে আকৌ আপােন পদযুগলক ভৰসা কৰিয়ে শিশুসকলক মৰম কৰি গ’ল।
কিন্তু নিজকে অসাধাৰণ দেখুৱাবলৈ পেৰাছুটযােগে অৱতৰণৰ চেষ্টা কৰিবলৈ গৈ বিপত্তিৰ মুখত পৰিল এজন কৃত্রিম ছান্টা। শূন্যৰ পৰা পৃথিৱীত নমাৰ চেষ্টা কৰি এইজন ছাণ্টাই বহু সময়লৈ বিদ্যুতৰ তাঁৰতে ওলমি থাকিবলগীয়া হয়। বিপত্তিৰ মুখত পৰা এইজন ছাণ্টা আছিল কেলিফর্ণিয়াৰ। স্থানীয় ৰিঅ’ লিণ্ডা অঞ্চলৰ শিশুসকলৰ মাজত বৰদিনৰ আনন্দ বৃদ্ধিৰ লক্ষ্যৰে এনেদৰে নতুনত্ব আনিবলৈ চেষ্টা কৰিছিল ছান্টা ক্লজজনে।
তেওঁ আকাশৰ পৰা ‘চকলেট’ আদি উপহাৰ হিচাপে শিশুসকলৰ মাজত বিতৰণ কৰিবলৈ পৰিকল্পনা কৰিছিল; কিন্তু বাস্তৱত সমগ্র ঘটনাটোৱেই হৈ পৰিল আশা নকৰা ধৰণৰ। বিদ্যুতৰ তাঁৰত ওলমি ৰ’ল ছান্টা। লগত পেৰাছুট। প্রায় আধা ঘণ্টা ধৰি এনেদৰেই থকাৰ পাছত এইজন ছান্টাক উদ্ধাৰ কৰা হয়। অৱশ্যে ভাগ্য ভালে থকাত অধিক বিপদৰ সন্মুখীন হ’বলগীয়া নহ’ল ছান্টা। তেওঁ কোনাে ধৰণৰ শাৰীৰিক ক্ষতিৰ পৰাও দৈৱক্রমে ৰক্ষা পৰে।
আমাৰ মতে ছাল্টা ক্লজ এখন ব্লেজৰহে প্রয়ােজন। এইদৰে কয় উদ্ধাৰকাৰী কর্মী এজনে। বিদ্যুতৰ তাঁৰত আবদ্ধ হৈ পৰাৰ ফলত অৱশ্যে ছান্টাৰ পেৰাছুট সম্পূর্ণভাৱে নষ্ট হয়। ছান্টা ক্লজৰ ৰূপ ধাৰণ কৰা এই লােকজনৰ বন্ধু এজনে ঘটনা সন্দৰ্ভত কয়, এই বছৰটোত সকলাে কৰ’না জর্জ। সেয়েহে এনেদৰে শিশুসকলক আনন্দিত কৰাৰ চেষ্টা কৰিছিল। উপহাৰ দিব বিচাৰিছিল শিশুসকলক; কিন্তু বিদ্যুতৰ তাঁৰে বিঘিনি ঘটালে এই সদ প্রচেষ্টাত।