বিটিএডিৰ ছাতাগুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাঃ

WhatsApp Image 2020 12 27 at 6.08.12 PM

বিটিএডিৰ ছাতাগুৰী অঞ্চলত আজি পূৱা সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত চালক সহ ৭জনকৈ লোকে প্ৰাণ হেৰুৱাব লগা ঘটনাই নামনিত শোকৰ ছা বিয়পি পৰে।

ADVERTISEMENT

আজি পূৱা ১০-৩০বজাত এখন আল্ট্ৰা বাছ আৰু এখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

আৰক্ষী সুত্ৰে জানিব পৰা মতে গোসাইগাৱৰ তুলসীবিলৰ পৰা ধুবুৰী অভিমুখে আহি থকা এ এছ -১৬ চি -১৮৭৫ নম্বৰৰ আলট্টা বাছ খনৰ লগত ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী এ এছ-১৭-৩০৭৩ নম্বৰৰ পানভৰ্তি ট্ৰাকখনৰ মুখামুখিকৈ সংঘৰ্ষ হোৱাত
বাছ চালক আৰু ট্ৰাক চালক দুজন নিহত হোৱাৰ লগতে যাত্ৰী বাহী বাছখনত থকা ৫ জনকৈ যাত্ৰী থিতাতে নিহত হয়।

নিহত কেইজন হৈছে ক্ৰমে কোকৰাঝাৰ জিলাৰ বামুণ গাৱৰ সন্দেশ আলী(৩৫), সাপটগ্ৰামৰ ছাত্তাৰ আলী (৪৫)
বামুণ গাৱৰ ৰফিকুল ইছলাম(৩৭) বাছিদুল ইছলাম(১২), তুলসী বিলৰ ছব্দেৰ কাজী, আৰু আববাছ আলী। আনজন মৃতকৰ পৰিচয় বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই।

আনহাতে বাছখনত থকা প্ৰায় ২৬ জন যাত্ৰী গুৰুতৰ ভাবে আহত হয়। আহত সকলৰ মাজত তিনিজনৰ অৱস্থা সংকটজনক অৱস্থাত জি এম চি এইচ লৈ প্ৰেৰণ কৰাৰ বিপৰীতে বাকী কেইজনক ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে জে চি বি আৰু কাটাৰ ব্যবহাৰ কৰি বাছত আবদ্ধ হৈ থকা আহত লোক সকলক ৰাইজৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই উদ্ধাৰ কাৰ্যত প্ৰায় দুই ঘণ্টাৰ অধিক সময় অতিবাহিত হয়। আহত সকলৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই।

Exit mobile version