গোৰেশ্বৰত মটৰচাইকেল গ্ৰাহকক ৰাম ঠগন

Hero Splendor Black and Accent Bumble Bee Yellow

বাগ্ছা  জিলাৰ গোৰেশ্বৰৰ হিৰ’ৰ বাগ্ছা মটৰচে পুৰণি বাইককে নতুন বুলি বিক্ৰী কৰিলে গ্ৰাহকক । গোৰেশ্বৰৰ ই এন ডি চ’কত অৱস্থিত হিৰ’ৰ বাগসা মটৰচ ডিলাৰত সংঘটিত হৈছে এই কাণ্ড।

উল্লেখ্য যে যোৱা ছয় মে’ ত বাগ্ছা জিলাৰ  মহৰিপাৰা নিবাসী বিপুল ডেকা নামৰ লোকজনে নগদ টকাৰে ক্ৰয় কৰিছিল এখন গ্লেমাৰ বাইক । কিন্তু বাগ্ছা মটৰচৰ ডিলাৰৰ কৰ্তৃপক্ষই ক্ৰেতাক নজনাকৈ পুৰণি বাইক এখন বিক্ৰী কৰে। যিখন বাইক আচলতে পূৰ্বেই বিক্ৰী হৈ গৈছে।

আনৰ নামত পঞ্জীয়ন থকা বাইক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰিছে বিপুল ডেকা নামৰ গ্ৰাহকজনে । প্ৰায়  ১৫ দিন পিছত ডিলাৰ কৰ্তৃপক্ষই পঞ্জীয়নৰ বাবে মাতিছিল গ্ৰাহকজনক।  কিন্তু পঞ্জীয়ন কৰিবলৈ গৈ চকু কপালত উঠে গ্ৰাহকৰ।  কিয়নো নিজে ধন দি ক্ৰয় কৰা বাহনৰ পঞ্জীয়ন আছিল আনৰ নামত।

উক্ত ঘটনাৰ পিছতে সদৌ কোচ  ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি শংকৰ ৰাজবংশী ডিলাৰত উপস্থিত হৈ ডিলাৰ কতৃপক্ষৰ স’তে আলোচনা কৰে । বাগ্ছা  মটৰচ ডিলাৰৰ কৰ্তৃপক্ষই গ্ৰাহকক পুৰণি গাড়ী বিক্ৰী কৰাৰ অভিযোগ স্বীকাৰ কৰে ।

এই কাৰ্যক গোৰেশ্বৰৰ সচেতন মহল তথা বিভিন্ন দল সংগঠনে গৰিহণা দিয়াৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী কৰে । ইতিমধ্যে গ্ৰাহকগৰাকীয়ে গোৰেশ্বৰ আৰক্ষী থানাত এই সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰিছে ।

বিপুল ডেকাই গোৰেশ্বৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জোনটি  ডেকাকো বিষয়টো অৱগত কৰে। চক্ৰ বিষয়া জোনটি ডেকাই বিষয়টো সন্দৰ্ভত ডিলাৰ কৰ্তপক্ষক সকীয়াই দিয়াৰ লগতে ডিলাৰৰ বৈধ নথি -পত্ৰ দেখুৱাব নোৱাৰিলে ডিলাৰ বন্ধ কৰা হ’ব বুলি হুংকাৰ দিয়ে ।

Exit mobile version