চকু থৰ লাগিব ঐতিহাসিকৰঃ ৭৯ খ্ৰীষ্টাব্দত আগ্নেয়গিৰি উদগিৰণৰ ফলত ধ্বংস হৈছিল ৰোমৰ পম্পে

000 8XR7CW

দুহেজাৰ বছৰ পূৰ্বেও ৰোমত ফাষ্টফুডৰ ৰমৰমীয়া ব্যৱসায় চলিছিল । উদ্ধাৰ হোৱা ধ্বংসাৱশেষৰ মাজতে উদ্ধাৰ হৈছে এই তথ্য । যি তথ্য দেখি চকু থৰ লাগিছে ঐতিহাসিকসকলৰো । দুহেজাৰ বছৰ পূৰ্বে অগ্নিৰ গ্ৰাসত পৰা ৰোমত ইতিপূৰ্বে ফচিলৰ ৰূপত উদ্ধাৰ হৈছিল দুটিকৈ মানৱ শৰীৰ ।

শেহতীয়াকৈ এইবাৰ লাভ কৰা ফাষ্টফুড কাউণ্টাৰৰ । উদ্ধাৰ হোৱা এই স্থাপত্য বৰ্তমানৰ ফাষ্টফুডৰ বিপনীৰে যথেষ্ট মিল আছে । ৭৯ খ্ৰীষ্টাব্দত মাউণ্ট বিছুভিয়াছৰ ছাইৰ তলত কি কি লুপ্ত হৈ গৈছিল সেই কথাৰ বৰ্তমানেও সঠিক হিচাপ পাবলৈ নাই । কিন্তু পুৰাতত্ত্ববিদসকলে বিভিন্ন সময়ত উদ্ধাৰ কৰা সামগ্ৰীৰ পৰীক্ষা কৰি দুহেজাৰ বছৰ পুৰণি ৰোমৰ জীৱনযাত্ৰা সম্পৰ্কে নতুন বহু কথা জানিব পাৰিছে ।

ইয়াৰ আধাৰতে এটা পথৰ কাষত খাদ্যৰ দোকানবিলাক থকাটো নিশ্চিত হয় । খাদ্যৰ দোকানবিলাকত সুৰাপানৰ ব্যৱস্থা কৰাটোও নিশ্চিত কৰা হৈছে । খাদ্য সামগ্ৰীবিলাকো তপতে তপতে দিয়াৰ তথ্যও পোৱা গৈছে । উদ্ধাৰ কৰা পুৰণা পোৰা মাটিৰ পাত্ৰই এনে কথাৰ সাক্ষ্য বহন কৰিছে । লেটিন ভাষাত এনে খাদ্য বিপনীবিলাকক ‘তাৰম’পোলিয়াম’ বুলি কোৱা হয় ।

উদ্ধাৰ হোৱা স্থাপত্যৰ পৰীক্ষাৰ পাছত দোকানবিলাকৰ কাউণ্টাৰত ধন লোৱা লোক বহাৰ বিশেষ ব্যৱস্থাও দেখিবলৈ পোৱা গৈছে । কাউণ্টাৰৰ কাষতে বহুকেইটা গোলাকাৰ পাত্ৰত খাদ্য গৰম কৰি ৰখাৰ ব্যৱস্থাও দেখিবলৈ পোৱা গৈছে । দোকানৰ সন্মুখৰ ভাগত ৰঙীন সাজ-সজ্জাৰ ব্যৱস্থাৰো সন্ধান লাভ কৰা হৈছে ।

কেনেধৰণৰ খাদ্য সামগ্ৰী বিক্ৰী কৰা হৈছিল তাৰো উমান লাভ কৰা হৈছে । স্থানীয় পুৰাতাত্ত্বিক উদ্যানৰ সঞ্চালক মাচিমো ওচানে জনোৱা অনুসৰি নতুনকৈ লাভ কৰা তথ্যই সকলোকে আচৰিত কৰি তুলিছে । প্ৰথমবাৰৰ বাবে এনেধৰণৰ খাদ্যৰ দোকানৰ ৰোমত সন্ধান লাভ কৰা হৈছে ।

ইয়াৰ পূৰ্বে কাৰুকাৰ্য খচিত ব্ৰঞ্জৰ সুৰাপান কৰা পাত্ৰ, জুলীয়া খাদ্য বনাবলৈ ব্যৱহাৰ কৰা চেৰামিকৰ পাত্ৰ, পানী ৰখা পাত্ৰ তথা সৰু মুখৰ পানী ৰখা পাত্ৰও উদ্ধাৰ কৰা হৈছে । ব্ৰঞ্জৰ পাত্ৰক ‘পাতেৰা’ আৰু পানী ৰখা সৰু পাত্ৰক ‘এমফোৰা’ নামেৰে জনা গৈছিল ।

ইতিহাস অনুসৰি ৭৯ খ্ৰীষ্টাব্দত ইটালীৰ নাপেলছৰ ওচৰৰ বিখ্যাত বিচুভিয়াছ আগ্নেয়গিৰিৰ পৰা লাভা ওলাবলৈ ধৰে । এটা সময়ত তললৈ নামি আহে এই লাভা । এই উদগীৰণ কে’বাটাও পৰমাণু বোমাৰ সমান আছিল বুলিও পুৰাতত্ত্ববিদসকলে জনাইছে । ফলত এই লাভাত তল যায় পম্পে, হাৰকিউলানিয়াম, অপলণ্টিছ তথা স্তাবিয়া আদি চহৰ ।

ইয়াৰ ভিতৰত পম্পে সম্পূৰ্ণভাৱে ধ্বংসস্তূপত পৰিণত হয় । কিমান মানুহৰ ইয়াত মৃত্যু হৈছিল তাৰ কোনো স্পষ্ট তথ্য এতিয়াও লাভ কৰা হোৱা নাই । অনুমান কৰা মতে সেই সময়ৰ জনসংখ্যা অনুসৰি ১৩শৰো অধিক লোকৰ মৃত্যু হৈছিল ।

ষোড়শ শতিকাত এই ধ্বংসাৱশেষ প্ৰথম দৃষ্টিলৈ আহে । সম্প্ৰতি কাললৈ চহৰখনত দুহেজাৰৰো অধিক ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে । ইয়াৰ ভিতৰত বহু অবাক হ’বলগীয়া তথ্যও আছে । বিশ্বৰ বহুস্থানৰ পৰ্যটক আহে এই ধ্বংসাৱশেষ চাবলৈ । ৰোমৰ কল’ছিয়ামৰ পাছতে পম্পেলৈ আহে সৰ্বাধিক পৰ্যটক ।

Exit mobile version