নিশা কাৰ্ফিউ ঘোষণাৰ লগতে ৰাতিপুৱা ১১ বজাৰ পৰা ছয় বজালৈ দিল্লীত কোনো ৰাজহুৱাভাৱে জমা হোৱাৰ অনুমতি দিয়া নহ’ব বুলি ঘোষণা ৰাজ্য চৰকাৰৰ। গৃহ মন্ত্ৰণালয়ে সোমবাৰে এক পত্ৰত ৰাজ্যসমূহক কঠোৰ সতৰ্কতা নিশ্চিত কৰিবলৈ অনুৰোধ কৰিছিল যাতে ক’ৰনা ভাইৰাছৰ বিয়পা ৰোধ কৰা হয়।
“দেশত কভিড ১৯ ৰ সক্ৰিয় ঘটনাৰ সংখ্যা নিৰন্তৰভাৱে হ্ৰাস পাইছে। ইউৰোপ আৰু আমেৰিকাত কোভিড-১৯ ৰ ঘটনাৰ নতুন বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি, ভাৰতত বিস্তৃত সাৱধানতা আৰু কঠোৰ নিৰীক্ষণ ৰখাৰ প্ৰয়োজনীয়তা আছে,” বুলি এজন শীৰ্ষ বিষয়াই ৰাজ্যসমূহলৈ লিখিছে।
ডিডিএমএ-য়ে বিবৃতিত কয় যে, COVID-19 ভাইৰাছৰ মিউটেণ্ট ব্ৰিটেইনৰ পৰা সৃষ্টি হোৱা বিপদ ৰোধৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগে । যুক্তৰাজ্য, য’ত প্ৰথমে ছেপ্টেম্বৰত নতুন মিউটেন্ট চিনাক্ত কৰা হৈছিল, সেই যুক্তৰাজ্যত অন্তিম কেইসপ্তাহমানৰ ভিতৰত কৰ’না ভাইৰাছ সংক্ৰমণ ব্যাপক বৃদ্ধি হোৱা দেখা গৈছে।
চলিত মাহৰ আৰম্ভণিত, ব্ৰিটেইনে কৈছিল যে ভাইৰাছটো “নিয়ন্ত্ৰণৰ বাহিৰ হৈ গৈছে”, যাৰ ফলত বিশ্বজুৰি প্ৰতিবন্ধকতাৰ এক নতুন তৰংগ ৰৈ গ’ল। অৱশ্যে, বিশেষজ্ঞসকলে কৈছে যে নতুন সংস্কৰণটো অধিক ভয়াৱহ বা প্ৰতিষেধকবোৰে ইয়াক যুঁজ দিব নোৱাৰিব বুলি ভবাৰ কৰাৰ কোনো কাৰণ নাই।
মঙ্গলবাৰে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৈছিল যে, ‘দিল্লী ক’ৰনা ভাইৰাছৰ নতুন মিউটেন্ট ষ্ট্ৰেনৰ স’তে যুঁজ দিবলৈ সাজু। ” এটা সময়ত, দিল্লীত প্ৰতিদিনে ৮,৫০০ জনকৈ লোক কৰ’নাত আক্ৰান্ত হৈছিল, যিটো বিশ্বৰ ভিতৰতে সৰ্বাধিক আছিল বুলি মন্তব্য ,” মুখ্য মন্ত্ৰীৰ যোৱা দুই-তিনি মাহত দৈনিক নথিভুক্ত কৰা সংক্ৰমণৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে।






























