2222 2

অৰ্থনৈতিক স্বাৱলম্বিতা হ’ব ২০২১ৰ মূল মন্ত্ৰঃ শংকৰজ্যোতি বৰুৱা

আছুৰ সাধাৰণ সম্পাদক

২০২১ত শৈক্ষিক, সামাজিক, অৰ্থনৈতিক আদি সকলো ক্ষেত্ৰত পৰিকল্পিতভাৱে আগবাঢ়ি যোৱাৰ বিভিন্ন পৰিকল্পনা আছে । কৰ’নাৰ প্ৰেক্ষাপটত বিকল্প ব্যৱস্থাৰ কথা আমি চিন্তা কৰিব লাগিব । এই পৰিকল্পনা প্ৰস্তুতৰ বাবে আমি শিক্ষাবিদ, ছাত্ৰ-ছাত্ৰীৰ পৰামৰ্শ লৈছো । এনে দুৰ্যোগৰ সময়ত যাতে শিক্ষাদান বিশ্বষ্ট নহয় তাৰ বাবে পৰিকল্পনা ল’বলৈ আগবাঢ়িছো ।

তদুপৰি নদীবান্ধৰ সমস্যা নামনি অঞ্চলৰ উত্তৰপৰীয়া ৰাইজৰ জীৱনৰ সমস্যা সমাধানৰ বাবে আন্দোলন চলাই যাব লাগিব । সংশোধিত নাগৰিকত্ব আইন বিৰোধী আন্দোলন গণতান্ত্ৰিক ৰূপত আগুৱাই নি আইনী যঁজ চলি আছে যদিও আমি মনে মনে বহি থাকিলে চৰকাৰে ভাবিব মে অসমীয়া জাতিয়ে যে বিতৰ্কিত আইন মানি লোৱা নাই সেই কথা প্ৰমাণ কৰিবলৈ ৰাজপথৰ সংগ্ৰামৰ প্ৰয়োজন আছে ।

আমি অসমীয়া জাতিৰ অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব লাগিব অন্যথা আমি শক্তিশালী জাতি ৰূপে থিয় দিব নোৱাৰিম । আমি আৰ্থিকভাৱে শক্তিশালী হৈ থাকিব লাগিব । সেয়ে অৰ্থনৈতিক কাম-কাজ চলি থাকিব লাগিব । ২০২১ ত আমি তিনিটা বিষয় সমান্তৰালকৈ আগুৱাই নিবলৈ সংকল্প লৈছো । প্ৰথম কথা ৰাজপথৰ আন্দোলন, দ্বিতীয়তে শৈক্ষিক আৰু তৃতীয়টো অৰ্থনৈতিক আন্দোলন । ২০২১ৰ মূল মন্ত্ৰ হ’ব অৰ্থনৈতিক স্বাৱলম্বিতা । ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাটো আন এক লক্ষ্য ।

২০২০ অসমবাসী আৰু বিশ্ববাসীৰ বাবে এটা বেয়া বছৰ আছিল । পৰিকল্পিতভাৱে কেন্দ্ৰীয় চৰকাৰে অসমীয়া জাতিটোক প্ৰতাৰণা কৰিলে ।

Exit mobile version