বিদ্যালয়ৰ পঢ়া-শুনা শেষ কৰিব নােৱাৰিলেও জীৱনৰ ৮০টা বছৰ অতিক্রম কৰাৰ পাছতাে অধ্যয়নত জড়িত আছে কেৰালাৰ এজন লােক, সম্প্রতি ৮৩ বছৰ বয়সীয়া এই লােকজনৰ নাম শ্রীধৰণ। তেওঁ জড়িত হৈ আছে এখন অভিধান প্রণয়নৰ স’তে। যােৱা ২৫ বছৰ ধৰি কাম আগবঢ়াই নিয়া অভিধানখনত ১২.৫ লাখৰাে অধিক শব্দ অন্তর্ভুক্ত হৈছে। অক্লান্ত পৰিশ্ৰমৰে দক্ষিণ ভাৰতৰ মূল চাৰিটা ভাষাৰ প্রতিশব্দক ইয়াত স্থান দিয়া হৈছে।
তামিল, তেলুগু, কন্নড়, মালয়ালম আদি প্ৰতিটো ভাষাৰ প্রতিশব্দ বাকী তিনিটা ভাষাত কি হ’ব সেয়া অভিধানখনত অন্তর্ভুক্ত হৈছে। কেৰালাৰ থেলাচৰিৰ বাসিন্দা শ্ৰীধৰণে চতুর্থ শ্রেণীত অধ্যয়ন কৰি থকাৰ সময়তে বিদ্যালয় এৰিবলৈ বাধ্য হৈছিল। কিন্তু বিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে পঢ়া-শুনা বাদ দিলেও ভাষা আৰু শব্দৰ প্রতি আকর্ষণ অব্যাহত থাকি গৈছিল শ্রীধৰণৰ। বিদ্যালয় এৰাৰ পাছত শ্ৰীধৰণে এটা বিড়ি বনােৱা প্রতিষ্ঠানত কাম কৰিব লয়।
অৱশ্যে ব্যক্তিগতভাৱে অধ্যয়ন আগবঢ়াই নিয়ে। এনেদৰেই এটা সময়ত অষ্টম শ্রেণী উত্তীর্ণ হয়। ইয়াৰ পাছত চৰকাৰী কার্যালয়ত চাকৰি লাভ কৰে। ১৯৮৪ তে শ্রীধৰণে অভিধানৰ কামত হাত দিয়ে। কিন্তু এই কার্যত সম্পূর্ণভাৱে মন দিবলৈ সক্ষম হয় ১০ বছৰ পাছতহে। অর্থাৎ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতহে অভিধানৰ কামত সম্পূর্ণভাৱে ব্যস্ত হৈ পৰে। ইয়াৰ পাছৰে পৰা সমগ্র দিন ধৰি শব্দ আৰু প্ৰতিশব্দৰ অনুসন্ধান কৰিয়ে আনন্দ আৰু তৃপ্তি লাভ কৰি আহিছে শ্ৰীধৰণে।
শব্দ ভাণ্ডাৰ সমৃদ্ধ কৰিবলৈ ঘুৰিবলৈকো লয় দক্ষিণৰ ৰাজ্যকেইখন ভ্রমণ কৰিবলৈ লয়। কথা-বতৰা হৈছিল স্থানীয় লােকসকলৰেও। চেষ্টা কৰি গৈছিল অধিক স্থানীয় শব্দ সংগ্রহ কৰিবলৈ। শ্ৰীধৰণৰ অভিধানৰ কথা জানিব পাৰি বহুজনে নিজস্বভাৱে আগবাঢ়ি আহি সহায়-সহযােগ আগবঢ়াইছিল। কামটো নিখুঁত কৰিবলৈ চেষ্টাৰ কোনাে ত্রুটি কৰা নাছিল তেওঁ।
শ্ৰীধৰণে জনােৱা অনুসৰি মালয়ালম শব্দ ‘ভয়ষু’ৰ তেলুগু প্রতিশব্দ বিচাৰি পাওতে সুদীর্ঘ ছবছৰ সময় লাগিছিল। শব্দৰ সন্ধানত দিন-ৰাতি এক কৰি দিছিল শ্রীধৰণে। নিশা নিদ্ৰাৰত অৱস্থাতাে সপােনত নতুন নতুন শব্দৰ সন্ধান লাভ কৰিছিল। তেনে সময়ত সাৰ পাই উঠি বিছনাত বহি পৰিছিল। লগে লগে পুনৰ ব্যস্ত হৈ পৰিছিল অভিধানৰ কামত। কোনাে ধৰণৰ আর্থিক সাহায্য অথবা অনুদান অবিহনেই সম্পূর্ণ নিজস্ব উদ্যোগতে এই কাম আগবঢ়াই নিছিলে শ্রীধৰণে। স্বাভাৱিকতে ইয়াৰ ফলত প্রতিকূল অৱস্থাৰাে সম্মুখীন হ’বলগীয়া হৈছিল।
অভিধানখন প্ৰকাশৰ সময়তাে পালপিটো লৈ প্ৰকাশৰ দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া হৈছিল। কিন্তু কোনেও প্ৰকাশৰ আগ্রহ প্রকাশ কৰা নাছিল। শ্ৰীধৰণৰ এই সংগ্রাম সন্মুখলৈ আনে নন্দন নামৰ এজন পৰিচালকে তথ্যচিত্রৰ মাধ্যমত। যােৱা নৱেম্বৰত প্ৰকাশৰ মুখ দেখে অভিধানখনে। স্থানীয় প্রবীণ নাগৰিকৰ এটা সংস্থাই অভিধানৰ প্রকাশত মুখ্য ভূমিকা লয়। অভিধানখনত ৯০০ পৃষ্ঠা আছে। তথ্যচিত্ৰখনাে প্রশংসিত হৈছে বিভিন্ন চলচ্চিত্র উৎসৱত।