দিছপুৰত পুনৰ অগপ-বিজেপি মিত্ৰজোঁটৰ চৰকাৰ : অতুল বৰা

99698d85 77a7 4493 b5aa 1b7bf6e282fb

4102f1bc bcb5 4143 ab98 c52745a279f5

সদ্যসমাপ্ত বিটিচি নিৰ্বাচনত এটা বিগ জিৰো পোৱা কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই আগন্তুক অসম বিধান সভাৰ নিৰ্বাচনতো এটা বিগ জিৰো লাভ কৰিব । অনাগত দিনত দিছপুৰত পুনৰ অগপ-বিজেপিৰ মিত্ৰজোঁটৰেই চৰকাৰ হ’ব । এয়া সম্পূৰ্ণ নিশ্চিত । এই দাবী অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ । আজি অসম গণ পৰিষদৰ অন্তৰ্গত বৰপেটা বিধান পৰিষদৰ উদ্যোগত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত বিশাল জাতীয় ঐক্য সমাৰোহত অংশগ্ৰহণ কৰে সভাপতি বৰাই ।

অসম আন্দোলনৰ দুৰ্গ হিচাপে বৰপেটা জিলাক অভিহিত কৰি সভাপতি বৰাই কয়, ‘অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ এইখন বৰপেটা জিলাৰে বীৰ সন্তান । জাতীয়বাদৰ বৰভেঁটি গঢ়োতা অম্বিকাগিৰি ৰায়চৌধুৰীৰো পূণ্যভূমি এইখন বৰপেটা । অথচ দীৰ্ঘকাল শাসনত থকা কংগ্ৰেছে ৰাজ্যখনৰ সাতামপুৰুখীয়া শান্তি-সম্প্ৰীতি সদায় বিঘ্নিত কৰি আহিছে । বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলৰ কল্যাণ বা উন্নয়ন যিদৰে কংগ্ৰেছে নিবিচাৰে সেইদৰে তেওঁলোকৰ পৰম মিত্ৰ দল এআইইউডিএফেও নিবিচাৰে

 

‘লগতে তেওঁ কয়, ‘দৰাচলতে আগৰ ব্যৱসায়ী বদৰুদ্দিন আজমলে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘুসকলৰ মুখত তলা চাবি মাৰি থৈ সদায় তেওঁলোকৰ মুখবন্ধ কৰি ৰাখিব খুজিছে । সেইবাবে এআইইউডিএফ দলৰ প্ৰতীক চিহ্ন তলাচাবি ।’তাৎপৰ্যপূৰ্ণভাৱে কংগ্ৰেছ-এআইইউডিএফৰ মাজত মিত্ৰতা হ’লে আসনক লৈ দুয়োটা দলৰ নেতা কৰ্মীৰ মাজত প্ৰচণ্ড কাজিয়া হ’ব বুলি তীব্ৰ কটাক্ষ কৰি সভাপতি অতুল বৰাই দৃঢ়তাৰে কয়, ‘বৰপেটাৰ সু-সন্তান গুৰু প্ৰসাদ দাসে ৰেলৰ ভেকুৱাম ব্ৰেক আৱিস্কাৰ কৰিছিল সেয়েহে বৰপেটাৰ পৰাই বিশেষকৈ ধৰ্মীয় সংখ্যালঘু ৰাইজে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাৰ ৰেলখনত ব্ৰেক মাৰি দিব লাগিব ।

অসম গণ পৰিষদ দলে অসম চুক্তি অনুসৰি ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে মানি সেই অনুসৰি জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকক ভাৰতীয় নাগৰিক হিচাপে মৰ্যদা কৰে ।’সভাপতি বৰাই যথেষ্ট আক্ষেপেৰে কয় যে, কংগ্ৰেছ-এআইইউডিএফৰ ঔৰসত জন্ম হোৱা তথাকথিত নতুন ৰাজনৈতিক দলে অসম গণ পৰিষদক সমালোচনাৰ লক্ষ্য কৰি লৈছে । আজমলৰ চান্দাৰে জন্ম হোৱা এনে দলে অৱশ্যে ৰাজনৈতিক পথাৰত বিশেষ আগুৱাব পৰা নাই ।

মাজে সময়ে কংগ্ৰেছেও ইফাল সিফাল কৰিব খোজে । কিয়নো বিটিচি নিৰ্বাচনত দুয়োটা দলৰ ফলাফল বিগ জিৰো । সেয়েহে এইবোৰ দেখি শুনি বদৰুদ্দিন আজমলে মনত বৰ বেজাৰ পাইছে । কালি সংবাদমেল পাতি এআইইউডিএফে ক্ষোভ প্ৰকাশ কৰিছে । তাকে দেখি বাংলাদেশৰ বিখ্যাত শিল্পী মমতাজৰ বিখ্যাত গীতটোৰ কলি ” ফাইট্টা যায়, বুকটা ফাইট্টা যায়” গাবলৈ আজমলে আৰম্ভ কৰিছে । যদি ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু জনতাই উন্নতি বিচাৰে তেন্তে কংগ্ৰেছ আৰু এআই ইউ ডিএফৰ সংগ এৰিব লাগিব ।

তেওঁ লগতে কয়, ‘মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা নামঘৰৰ লাইখুটা চান্দসাইয়ে পুতিছিল । নামঘৰ অসমীয়া সংস্কৃতিৰ বৰভেটি আৰু এয়াই হৈছে অসমীয়া জাতিৰ আদৰ্শৰ চানেকি, ধৰ্মনিৰপেক্ষতাৰ প্ৰতীক । অসম গণ পৰিষদ দলেও এই আদৰ্শ তথা ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে । বৰপেটা জিলাখন তাৰেই এক নিদৰ্শন । বৰপেটা সদৰ সমষ্টিকে ধৰি জিলাখনৰ প্ৰায়কেইটা সমষ্টিত দলটোৰ শিপা এতিয়াও শক্তিশালী হৈ আছে ।’অসম গণ পৰিষদ দললৈ নিতৌ নতুন তেজৰ আমদানি হৈ আছে । বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিৰ আগমন ঘটি আছে এই দলটোলৈ ।

এয়া অসম গণ পৰিষদৰ বাবে আশাৰ খবৰ । যাৰ বাবে অসম গণ পৰিষদৰ সভাবোৰ এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে বুলিও মহন্ত ব্য কৰে সভাপতি বৰাই ।আজিৰ এই সভাত দলৰ জ্যেষ্ঠ নেতা তথা মন্ত্ৰী ফণীভূষণ চৌধুৰী, বৰপেটা সমষ্টিৰ অসম গণ পৰিষদৰ বিধায়ক গুণীন্দ্ৰ নাথ দাসসহ কুমাৰ দীপক দাস, নুৰুল হুচেইন, ভূপেন ৰায়, মনোৰঞ্জন দাস,আক্ৰাম হুচেইন, দিলীপ পাটগিৰি, মনোজ শইকীয়া, ড: তপন দাস, কল্পনা পাটোৱাৰী, ৰঞ্জিত ডেকা প্ৰমুখ্যে অসম মহিলা পৰিষদ, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদৰ বিষয়ববীয়া উপস্থিত থাকে ।

Exit mobile version