বলীউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ কৰ’না সজাগতাৰ কলাৰ টিউন আঁতৰাবলৈ দাখিল কৰিলে আৱেদন 

921034 amitabhbachchan instagrampost

বলীউডৰ ছুপাৰষ্টাৰ নিজেই ক’ভিডত আক্ৰান্ত হৈছিল বুলি দাবী কৰি কৰ’না ভাইৰাছৰ কলাৰ টিউনৰ পৰা মেগাষ্টাৰ অমিতাভ বচ্চনৰ কণ্ঠ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে পিআইএল। দিল্লীৰ বাসিন্দা আৰু সমাজকৰ্মী ৰাকেশৰ দ্বাৰা দাখিল কৰা আবেদনখনত কোৱা হৈছে যে চৰকাৰে অমিতাভ বচ্চনক এই মহামাৰীৰ স’তে যুঁজিবলৈ প্ৰতিৰোধমূলক ব্যৱস্থাৰ বিষয়ে অৱগত কৰাৰ বাবে নিয়োজিত কৰিছিল ।

কিন্তু অভিনেতাগৰাকীৰ লগতে তেওঁৰ পৰিয়ালৰ আন সদস্যসকলে ইয়াৰ পৰা হাত সাৰিব নোৱাৰিলে।আবেদনখনত কোৱা হৈছে যে কিছুমান বিখ্যাত কৰ’না ৱাৰিয়ৰ আছে যিয়ে বিনামূলীয়াকৈ তেওঁলোকৰ সেৱা আগবঢ়াবলৈ ইচ্ছুক ।’কলাৰ টিউনত এনে প্ৰতিৰোধমূলক ব্যৱস্থাৰ উপদেশ দিবৰ বাবে ভাৰত চৰকাৰে অমিতাভ বচ্চনক মাচুল পৰিশোধ কৰি আছে ।”কিছুসংখ্যক কৰ’না ৱাৰিয়ৰে দেশখনক সেৱা আগবঢ়াই আছে ।”

“দৰিদ্ৰসকলক তেওঁলোকৰ বিপদৰ সময়ত সহায় কৰি আছে আৰু তেওঁলোকক খাদ্য, কাপোৰ আৰু আশ্ৰয় প্ৰদান কৰিছে।’অমিতাভ বচ্চনৰ কোনো পৰিষ্কাৰ ইতিহাস নাই আৰু তেওঁ সমাজকৰ্মী হৈ থকা নাই’ বিভিন্ন আদালতত তেওঁৰ বিৰুদ্ধে বাকী থকা কে’বাটাও বিষয়ৰ কথা উল্লেখ কৰি অভিযোগ কৰা হৈছে। “ন্যায়ৰ হিতত মোবাইলৰ পৰা অমিতাভ বচ্চনৰ কণ্ঠৰ কৰ’না সজাগতাৰ কলাৰ টিউন আঁতৰাবলৈ আবেদন।”

Exit mobile version