আজিৰে পৰা দলটোৰ অনুসুচিত জাতি মৰ্চাই আৰম্ভ কৰিছে ভোটাৰ সকলৰ সজাগতা । ভোটাৰ সকলে যাতে বিজেপি দলক ভোটদান কৰে তাৰ বাবে দলটোৱে ভোটাৰৰ ঘৰে ঘৰে গৈ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিষয়ে বিস্তৃত বৰ্ণনা সহ সজাগতাৰ কামত লাগি থকা পৰিলক্ষিত হল চিৰাঙত।
বিপিএফৰ দখলত থকা সমষ্টিটোৰ নিজৰ দখলত লোৱাৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে কুচকাৱাজ। আজি বিজেপিৰ অনুসুচিত জাতি মৰ্চাৰ ৰাজ্যিক সভাপতি নবাৰন মেধিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমৰ লগতে অনুসুচিত জাতি (এচচি) মৰ্চাৰ উদ্যোগত বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত ১ নং ছাৰাগাওঁৰ পৰা বিজনী চহৰ লৈকে জনসম্পৰ্কৰ অভিযান কাৰ্য্যসুচি ৰূপায়ন কৰে।
এই কাৰ্য্যসুচিৰ জৰিয়তে দলটোৱে ভোটাৰ সকলক বিজেপি দলক ভোটদানৰ বাবে সজাগতা সৃষ্টীৰ প্ৰয়াস চলায়। বিটিচিৰ পৰিষদীয় নিৰ্ব্বাচনত সফলতা লাভৰ পিচত এইবাৰ দলটোৱে বিধান সভা নিৰ্ব্বাচন টাৰ্গেট কৰি আৰম্ভ কৰিছে নতুন নতুন পদ্ধতি। আজিৰ এই জনসম্পৰ্কৰ সজাগতাৰ কাৰ্য্যসুচিত উপস্থিত থাকে চিৰাং জিলাৰ বিজেপিৰ উপসভাপতি বিপিন চন্দ্ৰ দাস , বিজেপিৰ চিৰাং জিলাৰ অনুসুচিত জাতি মৰ্চাৰ সভাপতি বিশ্বজিত সৰকাৰ , ১৯ নং থুৰিবাড়ীৰ অনুসুচিত জাতী মৰ্চাৰ মন্ডল কমিটিৰ সভাপতি শংঙ্কৰ আৰ্য্য আৰু বিজনীৰ বিজেপিৰ অনুসুচিত জাতি মৰ্চাৰ কৰ্মকৰ্তা সকল ।